
মাউণ্ট এভাৰেষ্টৰ উচ্চতাত উৰণ কৰিব পাৰিব হেলিকপ্টাৰ। ব্যক্তিগত হেলিকপ্টাৰ এখনৰ চূড়ান্ত এছেম্বলি লাইন এইবাৰ ভাৰতৰ মাটিত। মঙলবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi) আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে যৌথভাৱে এই কাৰখানাটো উদ্বোধন কৰে।

বহুতৰ মতে ভাৰত আৰু ফ্ৰান্সৰ এই যৌথ উদ্যোগত দুয়োখন দেশকে বিমান পৰিবহণৰ ক্ষেত্ৰত নতুন উচ্চতালৈ লৈ যাব। ব্যক্তিগত হেলিকপ্টাৰখনৰ চৰকাৰী নাম ‘H125’। ইয়াৰ চূড়ান্ত এছেম্বল কৰ্ণাটকৰ ভেমাগালত কৰা হ’ব।
এই কামটো হ’ব ফ্ৰান্সৰ কোম্পানী ‘এয়াৰবাছ হেলিকপ্টাৰ’ আৰু ‘টাটা এডভান্সড ছিষ্টেমছ লিমিটেড’ৰ যৌথ উদ্যোগত। বিগত সময়ত এয়াৰবাছ আৰু টাটাই একেলগে কাম কৰি আহিছে। বৰ্তমান এয়াৰবাছে টাটাৰ সহযোগত ভাৰতীয় বায়ুসেনাৰ বাবে C295 পৰিবহণ বিমান নিৰ্মাণ কৰি আছে। এ
ইবাৰ উক্ত তালিকাত ‘H125’ যোগ হ’বলৈ গৈ আছে। ২০০৫ চনৰ ১৪ মে’ত এই হেলিকপ্টাৰখনে প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে এভাৰেষ্টৰ শিখৰত অৱতৰণ কৰে। কেৱল সেয়াই নহয়, প্ৰায় চাৰি মিনিটমান তাতেই আছিল, যিটো এক অভিলেখ।
এই হেলিকপ্টাৰে এজন পাইলটৰ লগতে ছয়জন যাত্ৰীও কঢ়িয়াব পাৰে। যদিও ই এভাৰেষ্টৰ উচ্চতালৈ (৮,৮৪৮ মিটাৰ) উঠিব পাৰে, তথাপিও ইয়াৰ গড় উচ্চতা ৭,০১০ মিটাৰ। এই হেলিকপ্টাৰখনে ঘণ্টাত ২৫২ কিলোমিটাৰ বেগত উৰণ কৰিব পাৰে। ই এবাৰতে ৬৬২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে।
‘এইচ১২৫’ হেলিকপ্টাৰখনে সৰ্বাধিক চাৰি ঘণ্টা ২৭ মিনিট উৰণৰ ক্ষমতা লাভ কৰিছে। আশা কৰা হৈছে যে ২০২৭ চনৰ আৰম্ভণিতে কৰ্ণাটকৰ এই কাৰখানাটোৰ পৰা প্ৰথমখন ‘H125’ হেলিকপ্টাৰ নিৰ্মাণ কৰি উলিওৱা হ’ব। প্ৰথম অৱস্থাত কাৰখানাটোৰ বছৰি প্ৰায় ১০ খন হেলিকপ্টাৰ নিৰ্মাণৰ লক্ষ্য আছে।
অৱশ্যে আগন্তুক ২০ বছৰৰ ভিতৰত ভাৰতত কমেও ৫০০ খন ‘H125’ হেলিকপ্টাৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে এয়াৰবাছ আৰু টাটাই। ইয়াৰ উপৰি অধিক ভাৰতীয় কোম্পানীক এই হেলিকপ্টাৰ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়া হৈছে।











