
অসমৰ তিনিখন আসনকে ধৰি ১০ খন ৰাজ্যৰ ৩৭ খন আসনৰ বাবে নিৰ্বাচনৰ দিন (Election) ঘোষণা। অসমৰ ৰাজ্যসভাৰ ৩ সাংসদৰ কাৰ্যকাল অন্ত পৰিব।

তেওঁলোক হৈছে ভুৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা আৰু ৰামেশ্বৰ তেলী। ইয়াকে ধৰি অচিৰেই ১০ খন ৰাজ্যৰ মুঠ ৩৭ খন ৰাজ্যসভাৰ আসন খালী হ’ব। এনে পৰিস্থিতিত নিৰ্বাচন আয়োগে উক্ত আসনসমূহৰ ভোটদানৰ সময়সূচী ঘোষণা কৰিছে। ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত বুধবাৰে পুৱা নিৰ্বাচন আয়োগে এক অধিসূচনা জাৰি কৰে।
অধিসূচনা অনুসৰি, অহা ২৬ ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ ৩৭ খন আসনৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী অধিসূচনা প্ৰকাশ কৰা হ’ব। মনোনয়ন দাখিলৰ অন্তিম দিন ৫ মাৰ্চ। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হ’ব ৯ মাৰ্চ। অৱশ্যে কোনো আসনৰ বাবে মাত্ৰ এজন ব্যক্তিয়ে মনোনয়ন দাখিল কৰিলে নিৰ্বাচনৰ প্ৰয়োজন নহ’ব।
অহা ১৬ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন। অসমৰ উপৰি পশ্চিমবংগৰ ৫ খন, মহাৰাষ্ট্ৰৰ ৭ খন, ওড়িশাৰ ৪ খন, তামিলনাডুৰ ৬ খন, বিহাৰৰ ৫ খন, ছত্তীশগড়ৰ ২ খন, হাৰিয়ানাৰ ২ খন, হিমাচল প্ৰদেশৰ এখন আৰু তেলেংগানাৰ ২ খন আসনৰ বাবে ১৬ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব।











