
আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৱৰ্তী জম্মুৰ জুভেনাইল হোমৰ (Juvanile Home) পৰা পলাতক হৈ আছে দুজন পাকিস্তানী নাগৰিককে ধৰি মুঠ তিনিজন লোক। পলায়নৰ পূৰ্বে আৰক্ষীক আক্ৰমণ কৰাৰো অভিযোগ। এই ঘটনাত আহত হয় দুজন আৰক্ষী।

চিকিৎসাধীন হৈ আছে তেওঁলোক। সোমবাৰে সন্ধিয়া প্ৰায় ৫.১৫ বজাত জম্মুৰ আৰ এছ পুৰাত সংঘটিত হয় এই ঘটনা। পলাতকক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
পি টি আইৰ সূত্ৰ অনুসৰি, সোমবাৰে বিয়লি কৰ্তব্যৰত দুজন আৰক্ষীক আক্ৰমণ কৰি আৰ এছ পুৰাৰ কিশোৰ গৃহৰ পৰা মুঠ তিনিজন লোকে পলায়ন কৰে। ইয়াৰ ভিতৰত মহম্মদ ছুনা উল্লাহ আৰু আহছান আনোৱাৰ পাকিস্তানী নাগৰিক।
তৃতীয়জন হৈছে জম্মুৰ আৰ এছ পুৰাৰ ডাবলেহৰ নিবাসী কাৰ্জিৎ সিং ওৰফে গুগ্গা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। দোষীক আটক কৰিবলৈ এক বিশেষ দল গঠন কৰা হৈছে। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।











