
উচ্চতম ন্যায়ালয় (Supreme Court) ৰঙা ৰঙে ভৰি পৰিছে। কিন্তু এই ৰংটো সাধাৰণ ৰং নহয়, এয়া হ’ল গুটখাৰ পিক। গোটেই আদালত চৌহদটো গুটখা থুইৰে ভৰি পৰিছে।ন্যায়াধীশ, অধিবক্তা আৰু ন্যায় প্ৰাৰ্থীসকলে ইয়াৰ কাষেৰে খোজ কাঢ়ি আছে।

দেশৰ সৰ্বোচ্চ ন্যায়ালয় এতিয়া এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ৰিয় হৈ পৰিছে। এই আসক্তসকলক নিৰ্দেশনা জাৰি কৰা হৈছে যিয়ে আদালতৰ চৌহদত গুটখাৰে লেতেৰা কৰি পেলাইছে।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দশনাত কোৱা হৈছে, “দেখা গৈছে যে আদালতলৈ অহা বহুতো লোকৰ পান মচলা, গুটখা আৰু ধঁপাত চোবোৱাৰ অভ্যাস আছে। তেওঁলোকে আদালত চৌহদ, ৱাছবেচিন আৰু খোৱা পানীৰ এলেকাৰ চুকত থু পেলাই আছে। এই বেয়া অভ্যাসৰ ফলত আদালত চৌহদ লেতেৰা হৈ পৰিছে আৰু নৰ্দমা ব্যৱস্থাও ব্যাহত হৈছে।” কেৱল সেয়াই নহয়, আদালতে ঘটনাটোৰ সৈতে জড়িত স্বাস্থ্যৰ বিপদাশংকাৰ বিষয়েও সোঁৱৰাই দিছে।
“এনেদৰে থু পেলোৱাৰ অভ্যাসে সংক্ৰমণৰ আশংকাও বৃদ্ধি কৰে,” নিৰ্দেশনাত কোৱা হৈছে। আদালতলৈ অহা আনসকলৰ বাবেও এইটো এটা সমস্যা। সেয়েহে, এনে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত লোকসকলক আদালত চৌহদত পান মচলা, গুটখা বা ধঁপাত সামগ্ৰী সেৱন আৰু থুৱাই নিদিবলৈ অনুৰোধ জনোৱা হৈছে। সকলোকে আদালত চৌহদটো পৰিষ্কাৰ কৰি ৰাখিবলৈ সহযোগ কৰিবলৈ অনুৰোধ জনায়৷”
উল্লেখ্য যে দেশখন গুটখাৰ সমস্যাৰে জৰ্জৰিত হৈ পৰিছে। ৰেল ষ্টেচন, বিমানবন্দৰৰ পৰা দলং, ৰাস্তালৈকে সকলোতে গুটখা প্ৰেমীৰ বাবে ৰঙা হৈ পৰিছে৷ ২০২৩ চনৰ এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে ৰে’লৱেই যাত্ৰীসকলৰ পান-গুটখা পৰিষ্কাৰ কৰাৰ বাবে প্ৰতি বছৰে প্ৰায় ১,২০০ কোটি টকা ব্যয় কৰে।
আন এক চাঞ্চল্যকৰ অধ্যয়ন অনুসৰি, গ্ৰাম্য পৰিয়ালবোৰে তেওঁলোকৰ মুঠ ব্যয়ৰ মাত্ৰ ২.৫ শতাংশ শিক্ষাৰ বাবে ব্যয় কৰে, আনহাতে ৪ শতাংশ ধঁপাত সামগ্ৰীত ব্যয় কৰা হয়, যাৰ বেছিভাগেই গুটখা। এই পৰিস্থিতিত চৰকাৰে ১ ফেব্ৰুৱাৰীৰ পৰা ধঁপাত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে। অৱশ্যে, এতিয়ালৈকে বিশেষ পৰিৱৰ্তন হোৱা নাই।











