
বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত (Bangladesh election) বি এন পি (BNP)য়ে বৃহৎ ব্যৱধানত নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা লাভ (Achieve majority) কৰি দেশৰ শাসনভাৰ গ্ৰহণ কৰিবলৈ সাজু হৈছে। নিশ্চিতভাৱে বি এন পিৰ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান (Tariq Rahman)ৰ হাতত থাকিব বাংলাদেশৰ শাসন (Government of Bangladesh)ৰ বাঘজৰী।
শেহতীয়া তথ্য অনুসৰি মুঠ ৩০০ আসনৰ বাংলাদেশ ৰাষ্ট্ৰীয় সংসদৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ২৯৯ খন আসনৰ ভিতৰত ২১২ খন আসন বাংলাদেশ নেছনেলিষ্ট পাৰ্টীৰ দখললৈ গৈছে। আনহাতে, অভূতপূৰ্ব উত্থানেৰে কট্টৰপন্থী দল জামাতে লাভ কৰিছে ৭৭ খন আসন। অন্যান্যৰ হাতলৈ গৈছে ৮ খন আসন।
ইফালে ভোট গণনাই ইংগিত দিয়াৰ পিছৰে পৰা বিভিন্ন দেশৰ পৰা বি এন পিৰ মুৰব্বী তাৰিক ৰহমানলৈ অভিনন্দন বাৰ্তা আহিছে। শুকুৰবাৰে পুৱা ছ’চিয়েল মিডিয়াত প্ৰথমে ইংৰাজী আৰু তাৰ পিছত বাংলা ভাষাত প্ৰধানমন্ত্ৰী মোদীয়ে তাৰিকলৈ ‘আন্তৰিক অভিনন্দন’ জনাই এটা পোষ্ট কৰে। দুয়োটা পোষ্টতে প্ৰধানমন্ত্ৰীয়ে লিখিছে, “বাংলাদেশৰ সংসদীয় নিৰ্বাচনত বি এন পিক নিৰ্ণায়ক জয়ৰ দিশত আগুৱাই নিয়াৰ বাবে তাৰিক ৰহমানক আন্তৰিক অভিনন্দন জনাইছো।”

লগতে ভাৰত-বাংলাদেশৰ বহুমুখী সম্পর্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে তাৰিক ৰহমানক একেলগে কাম কৰিবলৈও প্রধানমন্ত্রীয়ে আহবান জনায়৷ মোদীয়ে লিখিছে, “আমাৰ বহুমুখী সম্পৰ্ক শক্তিশালী কৰাৰ লগতে আমাৰ উমৈহতীয়া উন্নয়নৰ লক্ষ্য আগুৱাই নিয়াৰ বাবে আপোনালোকৰ সৈতে কাম কৰিবলৈ মই আগ্ৰহী।” একে সময়তে মোদীয়ে লিখিছে, “গণতান্ত্ৰিক, প্ৰগতিশীল আৰু সৰ্বাংগীন বাংলাদেশৰ প্ৰতি ভাৰতে সমৰ্থন অব্যাহত ৰাখিব।”
আনহাতে, আমেৰিকায়ো তাৰিক ৰহমানক ‘ঐতিহাসিক জয়’ৰ বাবে শুভেচ্ছা জনাইছে। শুকুৰবাৰে পুৱা ঢাকাত থকা আমেৰিকাৰ দূতাবাসে ছ’চিয়েল মিডিয়াত বাংলা আৰু ইংৰাজী ভাষাত পোষ্ট কৰে। তাত লিখা আছিল, “সফল নিৰ্বাচন আয়োজন কৰাৰ বাবে বাংলাদেশৰ জনসাধাৰণক অভিনন্দন। বি এন পি আৰু তাৰিক ৰহমানক তেওঁলোকৰ ঐতিহাসিক জয়ৰ বাবে শুভেচ্ছা জনালোঁ।” ৱাশ্বিংটনেও তাৰিকেৰ সৈতে কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। আমেৰিকাৰ দূতাবাসৰ পোষ্টটোত লিখা হৈছে, “আমাৰ দুয়োখন দেশৰ (আমেৰিকা আৰু বাংলাদেশ) সমৃদ্ধি আৰু নিৰাপত্তাৰ উমৈহতীয়া লক্ষ্য বাস্তৱায়িত কৰিবলৈ আপোনালোকৰ সৈতে কাম কৰিবলৈ আমেৰিকা আগ্ৰহী।”











