
কাইলৈ প্ৰেমৰ ৰাণীৰ স্মৰণত প্ৰেম দিৱস বা ভেলেণ্টাইন ডে’ (Valentine’s Day)। অৱশ্যে মূল দিৱসৰ পূৰ্বে এসপ্তাহৰ পৰা এই দিৱস বিভিন্ন উপলক্ষত উদযাপন কৰা হয়। তেনে এটা দিন হৈছে ‘ৰ’জ ডে’ (Rose Day)। এই দিৱসত প্ৰেমাস্পদক গোলাপ ফুল উপহাৰ দিয়া হয়। কিন্তু এই ‘ৰ’জ ডে’ উদযাপন কৰি আইনী সমস্যাত পৰিছে এগৰাকী মহিলা। স্বামীক ‘ৰ’জ ডে’ত ফুলৰ থোপা প্ৰদানৰ লগতে তেওঁক আচৰিত কৰিবলৈ উপহাৰো আনিছিল মহিলাগৰাকীয়ে। লগতে তেওঁ ছ’চিয়েল মিডিয়াতো ছবি আৰু ভিডিঅ’ পোষ্ট কৰে। কিন্তু সেই ছবি আৰু ভিডিঅ’বোৰ আৰক্ষীৰ ওচৰ পোৱাৰ লগে লগে মহিলাগৰাকীৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হয়। বিহাৰৰ মুংগেৰ (Munger, Bihar)ত সংঘটিত হৈছে এই ঘটনা। লগতে এই ঘটনাই স্বাভাৱিকতে প্ৰশ্ন উত্থাপন কৰিছে যে অৱশেষত নীতিশ কুমাৰৰ ৰাজ্যত ‘ৰ’জ ডে ’ নিষিদ্ধ কৰা হৈছে নেকি? কিন্তু ইয়াৰ উত্তৰটো হৈছে না। নীতিশ কুমাৰৰ ৰাজ্যত নিষিদ্ধ কৰা হোৱা নাই ‘ৰ’জ ডে’। তেনেহ’লে সমস্যাটো ক’ত? কি অপৰাধ কৰিলে মহিলাগৰাকীয়ে যে তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা ল’বলৈ বাধ্য হ’ল।
আচলতে ‘ৰ’জ ডে’ পালন কৰাত কোনো সমস্যা নাই, সমস্যাটো আচলতে আন কথাত নিহিত হৈ আছে। মহিলাগৰাকীৰ নাম কাঞ্চন দেৱী। তেওঁলোকৰ এখন ছবি ৰাজহুৱা কৰা হৈছে। উক্ত ছবিখনত কাঞ্চন দেৱীয়ে স্বামীক গোলাপ ফুলৰ থোপা দি থকা দেখা গৈছে। স্বামীয়েও সেয়া হাঁহি এটা মাৰি গ্ৰহণ কৰিছে। কিন্তু তাৰ পিছৰ ঘটনাটোৱেই হৈ পৰিল কাঞ্চন দেৱীৰ বাবে সমস্যাৰ কাৰণ।

কাঞ্চনে তেওঁৰ স্বামীক চমক দিবলৈ উপহাৰো লৈ আহিছিল। গোলাপ ফুল দিয়াৰ পিছত তেওঁ উপহাৰো দিলে। কিন্তু সেই উপহাৰটো আছিল এটা মদৰ বটল (gift is a bottle of wine)। তেতিয়ালৈকে সকলো ঠিকেই আছিল। কিন্তু সেই ছবিখন ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ লগে লগে বিপদৰ সৃষ্টি হয়। কাঞ্চনৰ আন এখন ছবিয়েও সমস্যাটো আৰু বৃদ্ধি কৰে। কাঞ্চন তেওঁৰ ফালে পিষ্টল এটাত আঙুলি দি থিয় হৈ আছে। ইয়াৰ পিছত কাঞ্চনৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হয়। উল্লেখযোগ্য যে বিহাৰত সুৰা নিষিদ্ধ। আৰু সেই নিষিদ্ধ উপহাৰ স্বামীক দিয়াৰ বাবে বিপদত পৰিছে কাঞ্চন দেৱী।
মুংগেৰৰ আৰক্ষী অধীক্ষক চৈয়দ ইমৰাণ মাছুদে কয় যে মহিলাগৰাকীৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হৈছে। ছবিখন আৰক্ষীৰ ওচৰ পোৱাৰ লগে লগে ঘটনাৰ তদন্তৰ বাবে এটা বিশেষ দল গঠন কৰা হয়। আৰক্ষীৰ দলটোৱেও মহিলাগৰাকীৰ ঘৰলৈ গৈ তালাচী অভিযান চলায়। আৰক্ষী অধীক্ষকে কয় যে কাঞ্চন দেৱীৰ আন এখন ছবিৰ বাবে সমস্যাৰ সন্মুখীন হৈছে। আগ্নেয়াস্ত্ৰ এটাত আঙুলিয়াই তুলিছে ছবিখন। আৰক্ষীৰ সূত্ৰ অনুসৰি, এই আগ্নেয়াস্ত্ৰ দীনদয়াল চ’কৰ নিবাসী বিশাল কুমাৰৰ। যদিও এই আগ্নেয়াস্ত্ৰটোৰ অনুজ্ঞাপত্ৰ আছে, তথাপিও আন কাৰোবাৰ হাতত অস্ত্ৰটো গতাই দি তাৰ ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰাটো অবৈধ। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে কাঞ্চন দেৱী আৰু আগ্নেয়াস্ত্ৰৰ মালিকৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হৈছে। তদন্ত অব্যাহত আছে।











