
নিৰ্বাচনৰ পূৰ্বে অসমলৈ উপহাৰ কেন্দ্ৰীয় চৰকাৰৰ। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৃহৎ পৰিমাণৰ পুঁজি (Large amount of capital) ঘোষণা কেন্দ্ৰৰ (Announcement of the center)। কেন্দ্ৰীয় চৰকাৰে অসমলৈ আগবঢ়াব প্ৰায় ৭৪৮ কোটি টকাৰ পুঁজি (Capital of 7.48 billion rupees)। ৰাজ্যৰ পথ আৰু দলং নিৰ্মাণৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী (Nitin Gadkari)য়ে শুকুৰবাৰে ঘোষণা কৰে এই পুঁজি আবণ্টনৰ কথা।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা অনুসৰি, কেন্দ্ৰীয় পথ আন্তঃগাঁথনি পুঁজি (চি আৰ আই এফ) আঁচনিৰ অধীনত ৰাজ্যৰ ১০ টা পথৰ উন্নয়ন প্ৰকল্পৰ বাবে ৬১৭.৯৮ কোটি টকাৰ অনুমোদন দিয়া হৈছে। ইয়াৰ উপৰি চি আৰ আই এফ সেতু বন্ধন আঁচনিৰ অধীনত ১৬ খন দলং নিৰ্মাণ প্ৰকল্পৰ বাবে ১২৯.৭৪ কোটি অনুমোদন জনাইছে।
মুঠ ৭৪৭.৭২ কোটি টকাৰ পুঁজি আবণ্টনৰ কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই পুঁজিৰ উদ্দেশ্য হৈছে আঞ্চলিক সংযোগ শক্তিশালী কৰাৰ লগতে পৰিবহণৰ দক্ষতা বৃদ্ধি কৰি ভ্ৰমণৰ সময় হ্ৰাস কৰা আৰু ৰাজ্যখনত আৰ্থ-সামাজিক বিকাশ বৃদ্ধি কৰা।










