
নতুন দিল্লীৰ ঐতিহাসিক ছাউথ ব্লকত থকা ৭৯ বছৰ পুৰণি ‘প্ৰাইম মিনিষ্টাৰ্ছ অফিচ’ (পি এম অ’ নামেৰে পৰিচিত) অৰ্থাৎ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ঠিকনা শুকুৰবাৰে সলনি হ’ল। এইবাৰ চেণ্ট্ৰেল ভিষ্টাত তিনিটা অট্টালিকাৰে গঠিত নতুন কমপ্লেক্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয় স্থাপন কৰা হ’ব। এই কমপ্লেক্সৰ নাম ‘সেৱা তীৰ্থ’ (Seva Teerth)।

বায়ু ভৱনৰ সমীপৱৰ্তী চেণ্ট্ৰেল ভিষ্টাৰ ‘এক্সিকিউটিভ এনক্লেভ ৱান’ৰ তিনিটা অট্টালিকাৰ ভিতৰত এটাত নিৰ্মাণ কৰা হৈছে প্ৰধানমন্ত্ৰীৰ নতুন কাৰ্যালয়। ইয়াক ‘সেৱা তীৰ্থ’ বুলি কোৱা হয়। ইয়াৰ কাষৰ অট্টালিকা দুটাৰ নাম ‘সেৱতীৰ্থ-২’ আৰু ‘সেৱতীৰ্থ-৩’। কেবিনেট সচিবালয় আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ কাৰ্যালয়ো তাত থাকিব।
চৰকাৰী সূত্ৰই দাবী কৰিছে যে এই পৰিৱৰ্তন ‘জনসেৱা’ বা ‘সেৱাৰ চেতনা’ৰ বাৰ্তা প্ৰেৰণৰ বাবে কৰা হৈছে। ঠিকনা সলনিৰ পূৰ্বে মোদীয়ে ছাউথ ব্লকৰ পুৰণি পি এম অ’ত অনুষ্ঠিত কৰিব অন্তিমখন কেবিনেট বৈঠক। ইয়াৰ পিছতে আৰম্ভ হ’ব কাৰ্যালয় স্থানান্তৰৰ কাম।
মোদীৰ কাৰ্যালয়ে এক বিবৃতিত কয় যে শুকুৰবাৰে দিনৰ ১.৩০ বজাত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু কৰ্তব্য ভৱন-২ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ইয়াৰ পিছত তেওঁ সন্ধিয়া ৬ বজাত সেৱা তীৰ্থত এক অনুষ্ঠানত ভাষণ দিব।
বিবৃতিটোত কোৱা হৈছে যে কেন্দ্ৰীয় বিত্ত, প্ৰতিৰক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, কৰ্প’ৰেট, শিক্ষা, সংস্কৃতি, আইন আৰু ন্যায়, তথ্য আৰু সম্প্ৰচাৰ, কৃষি আৰু কৃষক কল্যাণ, সাৰ আৰু ৰাসায়নিক পদাৰ্থ আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ দৰে গুৰুত্বপূৰ্ণ বিভাগসমূহ ১ আৰু ২ নং কৰ্তব্য ভৱনলৈ স্থানান্তৰ কৰা হৈছে। এই দুটা ভৱনৰ মাজত ডিজিটেল সংযোগ স্থাপন কৰা হ’ব।
উল্লেখ্য যে মোদী চৰকাৰৰ চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পত ১০টা নতুন বহুমহলীয়া সচিবালয় ভৱন নিৰ্মাণ কৰি সকলো মন্ত্ৰালয় তালৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহ আৰু বিত্ত মন্ত্ৰালয়ৰ একাংশ অধীনস্থ কাৰ্যালয় নৰ্থ ব্লকৰ পৰা চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পত নিৰ্মিত কৰ্তব্য ভৱনলৈ স্থানান্তৰিত হৈছে।
১৪ অক্টোবৰৰ পৰা পর্যায়ক্রমে ঠিকনা সলনিৰ কাম আৰম্ভ হৈছে৷ কেন্দ্রীয় লোক নিৰ্মাণ বিভাগে নির্মাণ কৰা ২নং সেৱা তীর্থত এই সন্দর্ভত প্রতিৰক্ষা মুৰব্বী আৰু সশস্ত্ৰ বাহিনী (ভূমি, নৌসেনা আৰু বায়ুসেনা) তিনিটা শাখাৰ মুৰব্বীসকলৰ সৈতেও কেবিনেট সচিব টিভি সোমনাথে এক জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে৷ নৰ্থ ব্লক আৰু ছাউথ ব্লক খালী হ’লে তাত মিউজিয়াম নিৰ্মাণৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই।
উল্লেখ্য যে ১৯১১ চনত ব্ৰিটিছে দেশৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত ৰাইচিনা পাহাৰত নৰ্থ ব্লক আৰু ছাউথ ব্লক নিৰ্মাণ কৰা হৈছিল।
ইমান দিনে তাতেই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, বিত্ত মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয়, কৰ্মচাৰী বিভাগ আছিল। নৰ্থ ব্লক আৰু ছাউথ ব্লক থাকিলেও স্বাধীনতাৰ পাছত নিৰ্মিত শাস্ত্ৰী ভৱন আৰু নিৰ্মাণ ভৱন এটা এটাকৈ ভাঙি পেলোৱা হ’ব পাৰে।
নৰ্থ ব্লকৰ পিছফালে থকা দাৰাশুকো পথত নিৰ্মাণ কৰা প্ৰথমটো এক্সিকিউটিভ এনক্লেভত নতুন কাৰ্যালয়ৰ সমীপতো প্ৰধানমন্ত্ৰীৰ নতুন বাসগৃহ নিৰ্মাণ কৰা হ’ব। উল্লেখ্য যে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ ঠিকনা নিশাৰ ভিতৰতে সলনি হয়। প্ৰধানমন্ত্ৰীৰ বাংলো ৰেচ কোৰ্চ ৰোডৰ পৰা লোক কল্যাণ মাৰ্গলৈ সলনি হয়, যাৰ ফলত ঠিকনা সলনি হয়।










