
অমৰনাথ যাত্ৰাৰ (Amarnath Yatra) বীমাৰ ধন বৃদ্ধি কৰিছে কৰ্তৃপক্ষই। এতিয়াৰে পৰা দুৰ্ঘটনা সংঘটিত হ’লে ১০ লাখ টকা পৰ্যন্ত বীমাৰ ধন উপলব্ধ হ’ব। পঞ্জীয়নভুক্ত অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰী, সেৱা প্ৰদানকাৰী আৰু উপাসকসকলে এই সুৰক্ষা লাভ কৰিব।

বৃহস্পতিবাৰে শ্ৰী অমৰনাথজী মন্দিৰ ব’ৰ্ডৰ বৈঠকত বীমা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এতিয়ালৈকে অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীসকলে দুৰ্ঘটনা হ’লে ৫ লাখ টকাৰ বীমা সুবিধা লাভ কৰিছিল।
অমৰনাথজী মন্দিৰ ব’ৰ্ডৰ বৈঠকত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিঙে সভাপতিত্ব কৰে। সভাৰ অন্তত মন্দিৰৰ ‘প্ৰথম পূজা’ৰ দিন ঘোষণা কৰা হয়। কৰ্তৃপক্ষই জনোৱা মতে, ২০২৬ চনৰ অমৰনাথ যাত্ৰাৰ ‘প্ৰথম পূজা’ অহা ২৯ জুন অৰ্থাৎ জেঠ পূৰ্ণিমাত অনুষ্ঠিত হ’ব। অৱশ্যে এই যাত্ৰাৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই। ব’ৰ্ডৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, অতি সোনকালে যাত্ৰাৰ তাৰিখ চূড়ান্ত কৰা হ’ব।
পাহাৰৰ ৩৮৮০ মিটাৰ উচ্চতাত থকা অমৰনাথ মন্দিৰত বৰফেৰে নিৰ্মিত প্ৰাকৃতিক শিৱলিংগ চাবলৈ প্ৰতি বছৰে লাখ লাখ তীৰ্থযাত্ৰী কাশ্মীৰলৈ যায়। দুটা পথত অমৰনাথ যাত্ৰাৰ আয়োজন কৰা হয়। পহেলগামৰ পৰা অনন্তনাগলৈ ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰাচীন পথৰ উপৰি গণ্ডাৰৱল জিলাৰ ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাল্টাল পথটোও আছে।
চুটি হ’লেও এই দ্বিতীয় পথটো অতি ঠেক আৰু বিপজ্জনক। কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰাৰ অন্তত অমৰনাথ মন্দিৰ ব’ৰ্ডে দুৰ্ঘটনা বীমাৰ পৰিমাণ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ব’ৰ্ডৰ অধ্যক্ষই তীৰ্থযাত্ৰীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে।











