
বিয়াৰ মাত্ৰ তিনিমাহ হৈছিল। স্বামীৰ লগতো কোনো সমস্যা নাছিল (Husband Killed Woman)। তাৰ পিছতো নৱবিবাহিতাই তেওঁক হত্যা কৰে। অভিযোগ অনুসৰি, প্ৰেমিকৰ লগত থাকিব নোৱৰাৰ বেদনাৰ বাবেই ২৩ বছৰীয়া অঞ্জলিয়ে স্বামীক হত্যা কৰে।

৩০ জানুৱাৰীত হত্যাকাণ্ডৰ সময়ত প্ৰেমিকৰ পৰা তেওঁ সহায়ো লৈছিল। ৰাজস্থান আৰক্ষীয়ে দাবী কৰিছে যে এই হত্যাকাণ্ডৰ কাৰণ জানিবলৈ সাত বছৰ পিছুৱাই যাব লাগিব।
২০১৮ চনত অঞ্জলি স্কুলত পঢ়ি আছিল। এখন বিয়াত তেওঁ সঞ্জয় নামৰ যুৱকজনক লগ পাইছিল। অঞ্জলিতকৈ দুবছৰমান ডাঙৰ ল’ৰাটোৱে ভোজ বিলাই আছিল। অঞ্জলি বিয়াৰ পৰা ওলাই যাওঁতে সঞ্জয়ে তেওঁৰ নম্বৰ বিচাৰিলে। কিন্তু সেই সময়ত অঞ্জলিৰ নিজা মোবাইল নাছিল।
সেয়ে সঞ্জয়ে নিজৰ মোবাইল নম্বৰটো দিলে। কিন্তু তাৰ পিছত দুয়োৰে মাজত আৰু যোগাযোগ নাছিল। ছবছৰ পিছত ২০২৪ চনত অঞ্জলিয়ে এটা মোবাইল ফোন ক্ৰয় কৰে। সেই সময়ত তেওঁ কলেজৰ ছাত্ৰী আছিল।
ফোন এটা কিনাৰ পিছত প্ৰথমে বিয়াত লগ পোৱা যুৱকজনৰ মোবাইল নম্বৰ ডায়েল কৰে। যোগাযোগ আৰম্ভ হয়। ফোনত কথা-বতৰা বাঢ়িল। দুয়োৰে প্ৰেম আৰম্ভ হ’ল। কিন্তু অঞ্জলিয়ে কেতিয়াও প্ৰেমিকৰ কথা বা তেওঁৰ সৈতে থকা সম্পৰ্কৰ কথা ঘৰত ক’ব পৰা নাছিল।
সেয়ে ঘৰৰ পৰাই দৰা চাই অৱশেষত অঞ্জলিৰ পৰিয়ালে পাত্ৰ হিচাপে বাছি লয় ৰাজস্থানৰ ৰাউলাৰ বাসিন্দা আশীষ কুমাৰক। ২০২৫ চনৰ ৩০ অক্টোবৰত অতি ধুমধামেৰে বিবাহপাশত আবদ্ধ হয় আশীষ-অঞ্জলি। আশীষ এজন উচ্চ শিক্ষিত আৰু স্বল্পভাষী যুৱক আছিল। অঞ্জলিও শিক্ষিত। তেওঁ বি কম উত্তীৰ্ণ। শহুৰেকৰ ঘৰৰ অৱস্থাও ভাল।
কোনো অশান্তি নাছিল। কিন্তু অঞ্জলিৰ হৃদয় আছিল শহুৰেকৰ ঘৰৰ পৰা প্ৰায় ২২৫ কিলোমিটাৰ দূৰত্বত থকা সদুল চহৰত, য’ত তেওঁৰ পিতৃৰ ঘৰ আৰু য’ত থাকে তেওঁৰ প্ৰেমিক। শহুৰেকৰ ঘৰৰ আৰাম, স্বামীৰ মৰম- অঞ্জলিৰ কোনোমতে ভাললগা নাছিল। প্ৰেমিকৰ লগত তেওঁ যোগাযোগ ৰাখিছিল।
অৱশেষত তেওঁলোকে সিদ্ধান্ত ল’লে যে এনেকৈ আৰু কিমান চলিব নোৱাৰে। সেয়ে আশীষক আঁতৰাবলগা হ’ল। আৰক্ষীয়ে জনোৱা মতে, স্বামীক হত্যা কৰাৰ ১৬ দিন পূৰ্বে অঞ্জলিয়ে পিতৃৰ ঘৰলৈ গৈছিল। তেতিয়াই তেওঁ সঞ্জয়ক লগ কৰি হত্যাৰ চক্ৰান্ত কৰিছিল। অঞ্জলিয়ে বিয়াৰ আগতে সঞ্জয়ক লগ পোৱা নাছিল।
তেওঁলোকৰ যি যোগাযোগ আছিল সেয়া ৱাটছএপ আৰু ফোন কলতে সীমাবদ্ধ আছিল। যোৱা ৩০ জানুৱাৰীত ৱাটছএপত মুঠ সাতবাৰ বাৰ্তালাপ কৰে অঞ্জলি আৰু সঞ্জয়ে। পৰিকল্পনা অনুসৰি অঞ্জলিয়ে স্বামীক ঘৰৰ পৰা অলপ দূৰৈত খোজকাঢ়িবলৈ যাবলৈ অনুৰোধ কৰে। আশীষো মান্তি হয়। তেনেতে সুযোগ বুজি অঞ্জলিয়ে প্ৰেমিকক ফোন কৰে।
সঞ্জয়ে ৰোহিত আৰু বাদল নামৰ দুই বন্ধুৰ সৈতে আশীষ আৰু অঞ্জলিৰ সন্মুখত আবিৰ্ভাৱ হয়। আৰক্ষীয়ে দাবী কৰিছে যে অঞ্জলিয়ে সংকেত দিয়াৰ পিছত আশীষক আক্ৰমণ কৰা হৈছিল। প্ৰথমে তেওঁক লাঠিৰে কোবাইছিল। তাৰ পাছত যুৱকজনক ডিঙি চেপি হত্যা কৰা হয়।
প্ৰেমিকৰ সৈতে অঞ্জলিয়ে স্বামীক হত্যা কৰাৰ পিছত অপহৰণৰ কাহিনী ৰচনা কৰিছিল। তেওঁ আৰক্ষীক জনাইছিল যে তেওঁৰ কাণফুলি আৰু আশীষৰ মোবাইল ফোনটোৰ বাবে অপহৰণকাৰীয়ে তেওঁক আক্ৰমণ কৰিছিল।
তেওঁলোকে তেওঁৰ স্বামীক হত্যা কৰিছিল। কিন্তু অঞ্জলিয়ে দীঘলীয়া জেৰাৰ অন্তত সকলো কথা ব্যক্ত কৰে। অঞ্জলি আৰু সঞ্জয়কে ধৰি মুঠ চাৰিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ বৰ্তমানৰ ঠিকনা হৈছে বিকানেৰ জে’ল।









