ASSAM TIMES POST
ছাইদুল ইছলাম,ডিফু
সৰু- বৰ পাহাৰৰ নৈসৰ্গিক আৰু নান্দনিক পৰিবেশৰ মাজত তাৰালাংচ’ৰ বৃহৎ সাংস্কৃতিক প্ৰকল্পত চতুৰ্থ দিনাও উখল-মাখল পৰিবেশ ৷ ৮২৭ বিঘা ভুমিৰ বৃহৎ প্ৰকল্পটোত যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া কাৰ্যসূচীলৈ এক মেলামুখী উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰি আছে ৷
কাৰবি আংলঙ আৰু ডিমা হাছাওৰ বাহিৰেও অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ সহস্ৰাধিক শিল্পীয়ে তাৰালাংচৰ বাকৰিত পৰাম্পৰাগত নৃত্য, গীত আৰু বিভিন্ন প্ৰতিযোগিতাৰে মুখৰিত কৰি ৰাখিছে ৷ কাৰবি যুৱ মহোৎসৱৰ বাবে তাৰালাংচ’ৰ বৃহৎ প্ৰকল্পত থকা স্থায়ী আচেথাই (মুকলি মঞ্চ) সমুহত জনজাতীয় যুৱ শিল্পী সকলে নিজৰ নিজৰ শিল্প শৈলী প্ৰদৰ্শন কৰি আহিছে ৷
৮২৭ বিঘা মাটি কালিৰ সমগ্ৰ তাৰালাংচত গঢ়ি উঠা বিভিন্ন জনগোষ্ঠীয় গৃহ সমূহত জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ সোৱাদ লোৱাৰ লগতে কাৰবি, ডিমাচা, গাৰ’ ৰাভা, গোৰ্খা, ৰেংমা নগা, তাই আহোম, পাইতে আদি জনগোষ্ঠীয় লোকৰ জীৱন প্ৰণালীৰ লগত পৰিচিত হয় ৷ যুৱ মহোৎসৱটিৰ আৰম্ভনিৰ দিনৰে পৰাই তাৰালাংচৰ চৌদিশে শৃংখলাবদ্ধ ভাবে সজাই তোলা প্ৰদৰ্শনী , গ্ৰন্থ বিপনী,আত্মসহায়ক গোটৰ মেলাস্থলী,কুটীৰশিল্প ,ভোজমেলা যুৱক- যুৱতী সকলৰ নৃত্যগীতে দৰ্শক সকলক চাৰিটা দিন আত্ম বিভোৰ কৰি ৰাখে ৷
জনগোষ্ঠীয়, খাদ্য সম্ভাৰৰ ফুৰফুৰীয়া গোন্ধই তাৰালংচৰ চৌপাশ আমোল মোলাই ৰাখিছে ৷ বিশেষকৈ কাৰবি জনজাতীয় খাদ্য সম্ভাৰ, বি-অক(ছাগলী মাংস), ফাক’-অক (গাহৰি মাংস), ৱ’- অক ( কুকুৰা মাংস) , আন কিমুঙ (চুঙাত দিয়া ভাত), আন কিউপ (সিজুৱা ভাত) , বাৰা আচিৰজা (ভাপত দিয়া ভাত) , ৱক লাংপং কিমুঙ, ৱক কিমুঙ (পাতত দিয়া ভাত) আদিয়ে যুৱ মহোৎসৱলৈ অহা লোক সকলত তৃপ্তি প্ৰদান কৰে ৷
আজিৰ কাৰ্যক্ৰমণিকা অনুসৰি পুৱা থং নকবে মাৰাথান দৌৰৰ পৰা আৰম্ভ কৰি যুৱ মহোৎসৱটি কবিতা লিখা, চিত্ৰাঙ্কণ প্ৰতিযোগিতা, হাচাকেকান নৃত্য, আকষ্মিক বক্তৃতা, তৰ্ক প্ৰতিযোগিতা, পৰাম্পৰাগত ক্ৰীড়া হামবি কেপাথু, চানচুৰি কাচিংদৈ (বাঁহ টনা) সমবেত সংগীত আৰু মিছ কেৱাইএফ ২০২০ অনুষ্ঠিত হৈ যায় ৷
ইয়াৰোপৰি কাৰবি কালচাৰেল চ’ছাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়যে, তাৰালাংচ’ত অনুষ্ঠিত হৈ থকা ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱে বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা কাৰবি সকলক সমবেত কৰাৰ এক মহান প্ৰচেষ্টা ও ঐতিহ্যময় কাৰবি পৰাম্পৰাগত লোক- কৃষ্টি সংস্কৃতিৰ উন্নয়ণ, বিকাশ আৰু সংবৰ্দ্ধনৰ বাবে কাৰবি পিপুলছ হলছ তাৰালাংক প্ৰতিবছৰে আধুনিকৰ পৰা আধুনিকতম ৰূপ দিয়াৰ প্ৰয়াস কৰি থকা হৈছে বুলি কয় ৷
তাৰালাংচলৈ প্ৰৱেশ কৰা বাট -পথ সমূহ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি ৪লেন যুক্ত পথ, সৌৰচাকি ষ্ট্ৰীট লাইটেৰে ন ৰূপ প্ৰদান কৰিছে ৷ ইয়াৰোপৰি কাৰবি পিপুলছ হলছৰ সোণালী জয়ন্তী বৰ্ষৰ আগে আগে কাৰবি পিপুলছ হলৰ যাৱতীয় কাম সম্পূৰ্ণ হব বুলি তেও আশাবাদী ৷












