
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে সিন্ধু জল চুক্তিক লৈ পুনৰবাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে এটা অঞ্চলত পানী বিতৰণৰ নিৰাপত্তা দায়বদ্ধ আৰু আইনী সীমান্ত সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল।
কিন্তু ভাৰতে সিন্ধুক লৈ যি কৰিছে সেয়া একেবাৰেই বাঞ্ছনীয় নহয়। নতুন দিল্লীক আক্ৰমণ কৰি শ্বাহবাজে কয় যে পানীক কেতিয়াও অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব নালাগে। তেওঁ অভিযোগ কৰে যে ভাৰতে তেওঁলোকৰ বিৰুদ্ধে সিন্ধু নদীৰ পানীক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে।
ভাৰতক এই বিষয়ত চিন্তা কৰিবলৈও আহ্বান জনায়। পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে আশংকা কৰিছে যে যদি সিন্ধু নদীৰ সোঁতত ব্যাঘাত জন্মে, তেন্তে তেওঁলোকৰ দেশৰ লাখ লাখ লোকৰ জীৱন, জীৱিকা আৰু খাদ্য ব্যৱস্থা ভয়াৱহ সংকটৰ সন্মুখীন হ’ব।









