
চলিত বৰ্ষত অনুষ্ঠিত হ’ব অসম (Assam)সহ পাঁচ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত (UT) অঞ্চলৰ বিধানসভা নিৰ্বাচন (Legislative Assembly election)। এই নিৰ্বাচনৰ তাৰিখ (Election date) অহা মাৰ্চ মাহত (Next March) ঘোষণা হোৱাৰ সম্ভাৱনা (Possibility of announcement) আছে। ভাৰতৰ নিৰ্বাচন আয়োগৰ সূত্ৰত এই কথা প্ৰকাশ। নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত নিৰ্বাচন আয়োগৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল ভ্ৰমণ কৰি নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’ব। সূত্ৰ মতে, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত এই প্ৰতিনিধি দলটোৱে ১৫ ফেব্ৰুৱাৰীৰ পিছত অসমকে ধৰি আন নিৰ্বাচনমুখী ৰাজ্যকেইখন ভ্ৰমণ আৰম্ভ কৰাৰ সম্ভাৱনা আছে। জানিব পৰা মতে, প্ৰতিনিধি দলটো প্ৰথমতে অসম ভ্ৰমণলৈ আহিব। তাৰ পিছত বাকী ৰাজ্যকেইখন ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ পিছত মাৰ্চ মাহত নিৰ্বাচন আয়োগে ৰাজ্যকেইখনৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে এই বছৰ অসমৰ লগতে কেৰালা, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। সাধাৰণতে কোনো এখন ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগা থাকিলে নিৰ্বাচন আয়োগৰ শীৰ্ষ নেতৃত্বৰ প্ৰতিনিধি দলে নিৰ্বাচনৰ পূৰ্বে উক্ত ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ ভ্ৰমণ কৰে। ইয়াৰ উদ্দেশ্য হৈছে সংশ্লিষ্ট ৰাজ্যবোৰত নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ লগতে মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰা। ইয়াৰ বাবে তেওঁলোকে নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰে। আনহাতে, স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ নেতাৰ সৈতেও আলোচনাত মিলিত হৈ নিৰ্বাচন সম্পৰ্কীয় তেওঁলোকৰ অভিযোগ আৰু সমস্যাসমূহ সমাধানৰ চেষ্টা কৰে।










