![]()
দেশজুৰি চলি থকা বিতৰ্কৰ মাজতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে শিক্ষানুষ্ঠানত জাতিগত বৈষম্য ৰোধৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) প্ৰস্তুত কৰা নতুন নিয়মৰ (New rule) ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি (Interim stay order issued) কৰিছে। উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে যদি আদালতে তৎক্ষণাত হস্তক্ষেপ নকৰে তেন্তে বিপদজনক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰি সমাজত আৰু অধিক বিভাজনৰ সৃষ্টি হ’ব পাৰে। এই যুক্তিৰে আদালতে কয় যে সম্প্ৰতি ইউজিচিৰ গাইডলাইন পুনৰ পৰীক্ষা কৰা হ’ব। এই সন্দৰ্ভত পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে ২০১২ চনৰ পুৰণি নিয়ম প্ৰযোজ্য হৈ থাকিব।
বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে কয় যে শিক্ষানুষ্ঠানসমূহত জাতিগত বৈষম্য ৰোধৰ বাবে ইউজিচিয়ে অনা ‘প্ৰোমোচন অব ইকুইটি ইন হায়াৰ এডুকেশ্বন ইন্সটিটিউচন্স, ২০২৬’ নিয়মসমূহ সাময়িকভাৱে স্থগিত ৰখা হ’ব। মুখ্য ন্যায়াধীশ সূৰ্য কান্তই কয়, “স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো আমি জাতি বৈষম্যৰ পথলৈ উভতি যোৱা সমাজৰ দিশে আগবাঢ়িছো নেকি? বৈষম্যমুক্ত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত আমি এতিয়ালৈকে যিমানখিনি অৰ্জন কৰিছো সেইবোৰ ধুলিসাৎ হৈ যাব নেকি?” দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে লগতে পৰ্যবেক্ষণ কৰে যে যদি আদালতে এই গোচৰত তৎক্ষণাত হস্তক্ষেপ নকৰে তেন্তে ইয়াৰ ফলত বিপদজনক পৰিণতিৰ সৃষ্টি হ’ব পাৰে। কেৱল সেয়াই নহয়, যদি এনেকুৱা এটা নিয়ম শিক্ষা খণ্ডৰ দৰে আপাত দৃষ্টিত প্ৰগতিশীল পৰিৱেশত কাৰ্যকৰী কৰা হৈছে, ই সমাজখনক অধিক বিভাজনৰ দিশে ঠেলি দিব পাৰে।

চলিত বৰ্ষৰ ১৩ জানুৱাৰীত ইউজিচিয়ে শিক্ষাৰ বৈষম্য দূৰ কৰাৰ বাবে নতুন নিয়ম প্ৰকাশ কৰে। ইয়াত উল্লেখ আছে যে প্ৰতিখন উচ্চ শিক্ষানুষ্ঠানতে ‘ইকুৱেল অপৰচুনিটি চেন্টাৰ’ গঠন কৰিব লাগিব। ইয়াৰ লগতে ‘ইকুইটি কমিটি’ও থাকিব, যাৰ সদস্য হ’ব অনুসূচিত জাতি, অনুসূচিত জনজাতি, পিছপৰা শ্ৰেণী, বিশেষভাৱে সক্ষম আৰু মহিলা। ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে প্ৰতিখন শিক্ষানুষ্ঠানতে ২৪ ঘণ্টীয়া ইকুইটি হেল্পলাইন নম্বৰ মুকলি কৰিবলৈ নিৰ্দেশ দিয়া হয়। নিয়মাৱলী পালন নকৰিলে সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জনোৱা হয়।
আনকি, সংশ্লিষ্ট প্ৰতিষ্ঠানখনক ইউজিচিৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ তালিকাৰ পৰা বাদ দিয়া হ’ব পাৰে। এই নিয়ম প্ৰকাশ পোৱাৰ লগে লগে বিভিন্ন মহলে প্ৰতিক্ৰিয়া আৰম্ভ হ’ল। অসংৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। এই নিয়ম পক্ষপাতদুষ্ট বুলি দাবী কৰে। এই নিয়ম কাৰ্যকৰী হ’লে শিক্ষানুষ্ঠানৰ সুস্থ পৰিৱেশ ধ্বংস হোৱাৰ লগতে উচ্চবৰ্ণৰ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে বৈষম্যৰ সৃষ্টি হ’ব বুলিও দাবী কৰে। প্ৰশ্ন উত্থাপন হয়, অসংৰক্ষিত জাতিৰ বিৰুদ্ধে কিবা বৈষম্য থাকিলে অভিযোগ কৰাৰ সুযোগ কিয় নাপাব? তদুপৰি নতুন গাইডলাইন অনুসৰি অভিযুক্তই নিজৰ পক্ষ ৰক্ষাৰ সুযোগ নাপাব। ফলত ব্যক্তিগত প্ৰতিশোধৰ বাবে উচ্চ বৰ্ণৰ ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি লোৱা হ’ব পাৰে বুলি অভিযোগ উত্থাপন হৈছে। এই প্ৰেক্ষাপটতে উচ্চতম ন্যায়ালয়ে ইউজিচিৰ নিয়ম স্থগিত ৰাখিছে।










