
ৰহিংগীয়া (Rohingya), বাংলাদেশীক চিনাক্ত (Identify Bangladeshi) কৰিব কৃত্ৰিম বুদ্ধিমত্তা (AI)ই৷ এয়া কোনো বিজ্ঞানীৰ দাবী নহয়৷ মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠ মহাজোঁটে মুম্বাই পৌৰ নিগম (BMC)ৰ নিৰ্বাচনৰ ইস্তাহাৰত এনে প্ৰতিশ্ৰুতি দিছিল। নিৰ্বাচনত জয়ী হোৱাৰ পিছত সেই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হৈছে। সূত্ৰ অনুসৰি, মহাৰাষ্ট্ৰ চৰকাৰে আইআইটি বোম্বাইৰ গৱেষকসকলক এটা এআই সঁজুলি বিকশিত কৰিবলৈ নিৰ্দেশ দিছে যি বাংলাদেশীসকলৰ কণ্ঠস্বৰ শুনি চিনাক্ত কৰিব পাৰে। জানিব পৰা মতে মহাৰাষ্ট্ৰ চৰকাৰ আৰু আইআইটি বোম্বাইয়ে কৃত্ৰিম বুদ্ধিমত্তা (এআই) ব্যৱহাৰ কৰি এটা সঁজুলি বিকশিত কৰাৰ বাবে একেলগে কাম কৰি আছে।
এআই সঁজুলিটোৱে কণ্ঠস্বৰ, কথাৰ ধৰণ আৰু ভাষাৰ পাৰ্থক্য শুনি অবৈধ বাংলাদেশী, ৰহিংগীয়াসকলক চিনাক্ত কৰাৰ চেষ্টা কৰিব। মুঠতে, চৰকাৰে এআই সঁজুলি সৃষ্টিৰ বাবে ৩ কোটি টকা আৱণ্টন কৰিছে। সুৰক্ষা সংস্থাসমূহক বাংলাদেশীসকলক চিনাক্ত কৰাত সহায় কৰিবলৈ প্ৰযুক্তি বিকশিত কৰাৰ প্ৰয়াস কৰা হৈছে। আৰক্ষী বা অন্যান্য তদন্তকাৰী সংস্থাই সন্দেহযুক্ত বাংলাদেশীসকলৰ বিষয়ে অনুসন্ধান কৰিব। তদন্তৰ পিছত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।

দৰাচলতে, বিজেপি নেতৃত্বাধীন মহাজোঁটে এই বছৰৰ বিএমচি নিৰ্বাচনত অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰিছিল। তেওঁলোকে ইস্তাহাৰত দাবী কৰিছিল যে মুম্বাইত বাহিৰৰ লোকক খেদিবলৈ আৰু এখন পৰিষ্কাৰ চহৰ গঢ়িবলৈ প্ৰযুক্তিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হ’ব।
ইয়াৰ বাবে, আইআইটিৰ সহায়ত বাংলাদেশী প্ৰব্ৰজনকাৰীসকলক চিনাক্ত কৰিবলৈ এটা এআই সঁজুলি বিকশিত কৰা হ’ব। ইয়াৰ সহায়ত মুম্বাই ৰহিংগীয়া আৰু বাংলাদেশীৰ পৰা মুক্ত হ’ব। চৰকাৰে সেই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশত প্ৰথম পদক্ষেপ হিচাপে ৩ কোটি টকা আবণ্টন কৰিছে।










