ASSAM TIMES POST
ডিফু : কাৰবি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত সোমবাৰে বিয়লি ডিফু কাৰাগাৰ চৌহদত কাৰাবন্দী সকলৰ আইনী সাক্ষৰতা অধিকাৰৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সজাগতা সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদক এন আহমেদ আৰু ডিফু বাৰ এছ’চিয়েছনৰ জ্যেষ্ঠ অধিবক্তা তথা অধিবক্তা সকল উপস্থিত থাকে ৷
ডিএলএছএৰ সম্পাদক এন আহমেদ আৰু জ্যেষ্ঠ লোক অধিবক্তা ডি কে ডেকাই কাৰাবন্দী সকলৰ মৌলিক অধিকাৰ আৰু আইনী সুবিধা সমুহৰ ওপৰত আলোকপাত কৰে ৷ ডিফু কাৰাগাৰৰ সকলো কাৰাবন্দীয়ে সজাগতা সভাত অংশ গ্ৰহণ কৰি সজাগতা সভাটি সাফল্যমণ্ডিত কৰা হয় বুলি জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তপক্ষই এক বিবৃতি যোগে জানিবলৈ দিছে ৷