
সেনাৰ গাড়ী (Army vehicle) এখনৰ চকা পিছলি গাড়ীখন এটা গভীৰ খালত (In the deep canal) পৰি যায়। সেনাৰ গাড়ী এখন কাশ্মীৰ (Kashmir)ত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত অতি কমেও ১০ জন জোৱান নিহত (10 jawan killed) হয়। দূৰ্ঘটনাটোত আন ১০ জন জোৱান আহত হয়। আহত আৰু নিহত সেনাৰ জোৱানসকলক উদ্ধাৰ কৰা হয়৷ আনহাতে আহত সেনাৰ জোৱানসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৃহস্পতিবাৰে পুৱা জম্মু আৰু কাশ্মীৰৰ ডোডা জিলাত এই দুৰ্ঘটনাটো সংঘটিত হয়। সেনাৰ বাহনখন এটা অভিযানৰ দিশে গৈ আছিল।

গাড়ীখনৰ ভিতৰত ২০ জনতকৈও অধিক জোৱান আছিল। খান্নি টপৰ ভাদেৰৱাহ-চাম্বা পথৰ ওচৰ চাপি অহাৰ লগে লগে গাড়ীখনৰ চকা হঠাতে পিছলি যায়। তাৰ পিছত গাড়ীখন ২০০ ফুট গভীৰ খালত বাগৰি পৰে। আনহাতে প্ৰচণ্ড শব্দ শুনি স্থানীয় লোকসকল ঘটনাস্থলীলৈ ততাতৈয়াকৈ যায়। খবৰটো পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। তাৰ পাছত উদ্ধাৰ অভিযান আৰম্ভ হয়। প্ৰাপ্ত তথ্য মতে ঘটনাস্থলীতে ১০ জন জোৱানৰ মৃত্যু হয়। আন ১০ জন আহত হয়। তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়৷
বৰ্তমান সেনাৰ আহত জোৱানসকল তাতে চিকিৎসাধীন হৈ আছে। জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ঘটনাটোত দুখ প্ৰকাশ কৰিছে। এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ডোডাত এক পথ দুৰ্ঘটনাত আমাৰ ১০ জন সাহসী ভাৰতীয় জোৱানে প্ৰাণ হেৰুৱাইছে। এই ঘটনাত আমি গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। দুৰ্ঘটনাটোত আৰু ১০ জন লোক আহত হয়। তেওঁলোক বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।”










