
জম্মু-কাশ্মীৰ (J&K)ৰ কিষ্টৱাৰাত ছৈফুল্লাহ আৰু আদিল নামৰ দুজন জৈছ সন্ত্ৰাসবাদী (Jaish terrorist)ৰ সন্ধানত অভিযান চলাইছে সেনাই। সন্ত্ৰাসবাদীৰ সন্ধানত পাহাৰীয়া জংঘলত তালাচী চলাওঁতে সেনাই তেওঁলোকৰ গোপন আত্মগোপন স্থান উদ্ধাৰ কৰে। বাংকাৰটো এনেদৰে নিৰ্মাণ কৰা হৈছে যে কোনেও চিনাক্ত কৰাটো সহজ নহয়। কেৱল সেয়াই নহয়, বাংকাৰটো এনেদৰে নিৰ্মাণ কৰা হৈছিল যে বিপৰীত দিশৰ পৰা আক্ৰমণ চলালে সহজেই বাধা দিব পৰা যায়। জৈছ সন্ত্ৰাসবাদীৰ এনে বাংকাৰ উদ্ধাৰ কৰি নিৰাপত্তা বাহিনী স্তম্ভিত হৈ পৰিছে।
সোমবাৰে পাহাৰৰ ১২ হাজাৰ ফুট উচ্চতাত উদ্ধাৰ হয় এই বাংকাৰটো। সেই আত্মগোপনস্থলীৰ পৰা ৫০ পেকেট মেগী, বহু কেঁচা শাক-পাচলি, চাউল, সকলো ৰন্ধন বাচন আৰু শুকান কাঠ উদ্ধাৰ কৰা হয়। সেনাৰ সূত্ৰ অনুসৰি উদ্ধাৰ হোৱা বস্তুৰ পৰিমাণে দৰ্শায় যে উক্ত শিবিৰত দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিল সন্ত্ৰাসবাদীসকল।

কেৱল সেয়াই নহয়, শিবিৰৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰীসমূহেও ইংগিত দিয়ে যে উক্ত বাংকাৰত কেইবামাহো ধৰি খাদ্য মজুত কৰি ৰখা হৈছিল। কিন্তু স্থানীয় একাংশ লোকৰ সহায় অবিহনে এই স্থানত বাংকাৰ সাজি খাদ্য মজুত কৰাটো সম্ভৱ নহয় বুলি ধাৰণা কৰা হৈছে।
সেনাৰ সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদীক সহায় কৰাৰ সন্দেহত ইতিমধ্যে চাৰিজন স্থানীয় লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সন্ত্ৰাসবাদীক আৰু কোনে সহায় কৰিছিল সেই কথা জানিবলৈও অভিযান অব্যাহত আছে। উল্লেখ্য যে জম্মু-কাশ্মীৰৰ কিষ্টৱাৰাত তিনিদিন ধৰি চলি আছে সন্ত্ৰাসবাদী বিৰোধী অভিযান। দেওবাৰে নিশা সন্ত্ৰাসবাদীয়ে নিক্ষেপ কৰা গ্ৰেনেডত ৭ জন জোৱান আহত হয়। পিছত আহত জোৱানসকলৰ এজনৰ মৃত্যু হয়। তেতিয়াৰে পৰাই জৈছ সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ তালাচী চলোৱা হৈছে। মঙলবাৰে তৃতীয় দিনত প্ৰৱেশ কৰে এই অভিযান। অৱশ্যে সন্ত্ৰাসবাদী দুজনৰ অৱস্থান এতিয়াও উদ্ধাৰ হোৱা নাই।










