![]()
জম্মু-কাশ্মীৰৰ কিষ্টৱাৰাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ভাৰতীয় সেনাৰ এজন জোৱান নিহত হয়। দেওবাৰে নিশা সন্ত্ৰাসবাদীয়ে নিক্ষেপ কৰা গ্ৰেনেডত আহত হৈছিল গজেন্দ্ৰ সিং নামৰ জোৱানজন। নিশা তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। সোমবাৰে সেনা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

উল্লেখযোগ্য যে দেওবাৰে বিয়লিৰ পৰা ভাৰতীয় সেনাই কিষ্টৱাৰাৰ পাহাৰীয়া বনাঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। দেওবাৰে সেনাই তথ্য লাভ কৰে যে কিষ্টৱাৰাৰ চিংপোৰা অঞ্চলৰ সোণাৰ গাঁৱৰ বনাঞ্চলত সন্ত্ৰাসবাদীয়ে ঘাটি স্থাপন কৰিছে। সেই তথ্যৰ ভিত্তিত সেনাৰ হোৱাইট নাইটছ ক’ৰ্পছে অভিযান আৰম্ভ কৰে। ‘অপাৰেচন থ্ৰেছ-ৱান’ আৰম্ভ হয়। দেওবাৰে নিশালৈকে ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। এই অভিযানত আহত হয় ৮ জন জোৱান। তাৰ ভিতৰত আছিল পেৰাট্ৰুপাৰ গজেন্দ্ৰ।
সন্দেহ কৰা হৈছে যে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ দুইৰ পৰা তিনিজন সন্ত্ৰাসবাদীয়ে অৰণ্যত আত্মগোপন কৰি আছে। সন্ত্ৰাসবাদীক বিচাৰি এতিয়াও অব্যাহত আছে তালাচী অভিযান।










