ASSAM TIMES POST
নিউজ ডেস্কঃ প্ৰায় আঠ মাহৰ পাছত অনুষ্ঠিত হ’ব বিহাৰ বিধানসভা নিৰ্বাচন৷ অহা অক্টোবৰ-নৱেম্বৰ মাহত বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা৷ ইয়াৰ আগেয়ে শাসক আৰু বিৰোধীৰ মাজত প্ৰচাৰ অভিযান আৰম্ভ হৈছে৷ এক প্ৰকাৰে এতিয়াই প্ৰচাৰ অভিযান তুংগত উঠিছে৷ প্ৰধান বিৰোধী দল আৰজেডিক ব্যংগ কৰি শাসক দল জেডিইউয়ে প’ষ্টাৰ মৰা পৰিলক্ষিত হৈছে৷
প’ষ্টাৰত আৰজেডিক দলিতৰ নামত আৰ্থিক প্ৰতাৰণা, সামাজিক ন্যায় বিচাৰত মিছাৰ আশ্ৰয় লোৱা আদিৰে প’ষ্টাৰ ভৰাই পেলাইছে৷ আনহাতে আৰজেডিয়েও প’ষ্টাৰেৰে ভৰাই পেলাইছে৷ এই প’ষ্টাৰত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক দেখা গৈছে৷ নিৰ্বাচনলৈ প্ৰায় আঠ মান থকা অৱস্থাত এনে প’ষ্টাৰে বিহাৰৰ ৰাজনীতিৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে৷