
ৰাস্তাত খোজকাঢ়ি থাকোঁতে যদি কোনো পুৰুষে ধুনীয়া নাৰী দেখে তেন্তে তেওঁৰ মনটো বিচলিত হৈ পৰে। সেইবাবেই তেওঁ সেই মহিলাগৰাকীক ধৰ্ষণ কৰে। সমগ্ৰ দেশতে বৰ্ধিত ধৰ্ষণৰ ঘটনাৰ (Rape Case) বিষয়ে এইদৰে ব্যাখ্যা কৰে মধ্যপ্ৰদেশৰ ভাণ্ডাৰাৰ কংগ্ৰেছ বিধায়ক ফুল সিং বৰিয়াই। তেওঁৰ এই মন্তব্যই বিতৰ্কৰ সূচনা কৰিছে।

কেৱল ধুনীয়া ছোৱালীৰ কথা কোৱাতে তেওঁ থমকি ৰোৱা নাই। অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ তত্ত্বও দাঙি ধৰে। এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত বৰিয়াই ধৰ্ষণৰ বিষয়ে দাবী কৰে যে ভাৰতত আটাইতকৈ বেছি ধৰ্ষণ হৈছে পিছপৰা শ্ৰেণীৰ মহিলা।
অনুসূচিত জাতি, জনজাতি আৰু অ’বিচি সম্প্ৰদায়ৰ এই সকলো মহিলাক পুণ্যৰ স্বাৰ্থত ধৰ্ষণ কৰা হয়। তেওঁ দাবী কৰে যে প্ৰাচীন পাণ্ডুলিপিত এনে কাৰণ আছে। ধৰ্ষণৰ দ্বিতীয় তত্ত্ব হিচাপে সুন্দৰী নাৰীৰ বিষয়টোও তেওঁ উত্থাপন কৰে।
বিধায়কগৰাকীয়ে কয়, “ভাৰতত সৰ্বাধিক ধৰ্ষণৰ বলি কোন কোন? এছ চি, এছ টি, অ’ বি চি। ধৰ্ষণৰ তত্ত্ব হ’ল যে যদি কোনো পুৰুষে, যিকোনো মানসিক অৱস্থাত, ৰাস্তাত খোজকাঢ়ি থাকোঁতে কোনোবা ধুনীয়া নাৰীক দেখা পায়, তেন্তে তেওঁৰ মনটো বিচলিত হ’ব পাৰে আৰু তেওঁ সেই মহিলাগৰাকীক ধৰ্ষণ কৰিব পাৰে।
অনুসূচিত জাতি, অনুসূচিত জনজাতি বা অ’ বি চি মহিলা ধুনীয়া নহয়।” দাবী কংগ্ৰেছ বিধায়কগৰাকীৰ। ইয়াৰ পিছতো তেওঁলোক কিয় ধৰ্ষিতা হয় সেই বিষয়ে বৰিয়াই যুক্তি আগবঢ়ায় যে তেওঁলোকৰ ধৰ্ষণৰ কাৰণ প্ৰাচীন গ্ৰন্থত উল্লেখ কৰা হৈছে।
তেওঁ কয়, “এই সম্প্ৰদায়ৰ এগৰাকী মহিলাৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিলে তীৰ্থযাত্ৰালৈ যোৱাৰ দৰেই পুণ্য অৰ্জন হ’ব বুলি লিখা আছে। কোনোবাই যদি তীৰ্থযাত্ৰালৈ যাব নোৱাৰে তেন্তে তেওঁৰ হাতত পুণ্য অৰ্জনৰ আন বিকল্প কি? তেন্তে তেওঁ এই সম্প্ৰদায়ৰ এজনী ছোৱালীক ৰাতিৰ আন্ধাৰত টানি নি ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে। সেইবাবেই চাৰিমহীয়া বা এবছৰীয়া শিশুও ধৰ্ষিতা হৈছে।”
কংগ্ৰেছ বিধায়কগৰাকীৰ এই মন্তব্যই আলোড়িত কৰিছে মধ্যপ্ৰদেশৰ ৰাজনীতিক। দলেও তেওঁৰ পৰা দূৰত্ব ৰাখিছে। ৰাজ্যিক কংগ্ৰেছৰ সভাপতি জিতু পাটোৱাৰীয়ে কয়, “কোনো ধৰ্ষণক সমৰ্থন কৰিব নোৱাৰি। যিয়ে ধৰ্ষণ কৰে তেওঁ অপৰাধী। ইয়াৰ জাতি-ধৰ্মৰ লগত কোনো সম্পৰ্ক নাই।”
মধ্যপ্ৰদেশৰ বিজেপি নেতা আশীষ আগৰৱালাই কয়, “নাৰীক তেওঁলোকৰ সৌন্দৰ্যৰ দ্বাৰা জুখি দলিত আৰু জনজাতীয় মহিলাৰ ওপৰত কৰা জঘন্য অত্যাচাৰক পবিত্ৰ কাৰ্য বুলি দাবী কৰাটো মানৱতাৰ বিৰুদ্ধে।”










