
পত্নী ভানু দাসৰ হাতত প্ৰাণ গল স্বামী দামোদৰ দাসৰ। হাত-ভৰি বান্ধি পত্নী ভানু দাসে মূৰত কোবাই হত্যা কৰিলে স্বামী দামোদৰ দাসক। হাজোৰ নতুন দিহিনাত সংঘাটিত হৈছে এইভয়ংকৰ হত্যাকাণ্ড। স্বামী দামোদৰ দাসক হত্যা কৰি পত্নী ভানু দাসে আত্মসমৰ্পন কৰিলে হাজো আৰক্ষী থানাত। দীৰ্ঘদিন ধৰি স্বামী দামোদৰ দাসে পত্নী সহ পৰিয়ালত চলাই আহিছিল অত্যাচাৰ।

আজি বিয়লি খৰ্গহস্ত হৈ পত্নীয়ে হাত ভৰি বান্ধি ঘৰৰ ভিতৰতেই কোবাই হত্যা কৰিলে স্বামীক।
আনহাতে ঘটনা স্থলীত উপস্থিত হাজো আৰক্ষী।।আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। ভোগালীৰ প্ৰাক ক্ষণত এনেকুৱা এক জঘন্য ঘটনাই সংগ্ৰ অঞ্চলত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।













