
বিহাৰৰ (Bihar) নিৰ্বাচনী দুৰ্যোগৰ পিছত আৰু অধিক ক্ষতিগ্ৰস্ত হৈছে আৰ জে ডি (JRD)ৰ মুৰব্বী লালুপ্ৰসাদ (Leader Laluprasad) আৰু তেওঁৰ পৰিয়াল। দিল্লীৰ চি বি আইৰ বিশেষ আদালতত ভূমিৰ বিনিময় (Land exchange)ত ৰে’লৱেৰ চাকৰিৰ (Railway job) গোচৰত লালুপ্ৰসাদ যাদৱ, তেওঁৰ পত্নী ৰাবৰি দেৱী, দুই পুত্ৰ তেজস্বী, তেজপ্ৰতাপ আৰু কন্যা মিছা ভাৰতীকে ধৰি ৪৬ জন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে। শুকুৰবাৰে আদালতে লালুৰ পৰিয়ালক ‘দুৰ্নীতিৰ প্ৰতিষ্ঠান’ বুলি অভিহিত কৰাৰ পিছতে এই গোচৰৰ সম্ভাৱ্য ৰায়ক লৈ ইতিমধ্যে জল্পনা-কল্পনা আৰম্ভ হৈছে।
২০০৪ চনৰ পৰা ২০০৯ চনলৈ কেন্দ্ৰত ইউ পি এ চৰকাৰত ৰে’ল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা লালু সেই সময়ত চাকৰিৰ দুৰ্নীতিৰ সৈতে জড়িত আছিল বুলি অভিযোগ উত্থাপন হৈছে। সেই অভিযোগৰ ভিত্তিত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে তদন্ত আৰম্ভ কৰে। পিছত ই ডিয়ে এফ আই আৰ দাখিল কৰি গোচৰৰ তদন্ত আৰম্ভ কৰে। যোৱা বছৰৰ মাৰ্চ মাহত ই ডিয়ে গোচৰটোৰ তদন্তৰ স্বাৰ্থত লালুক সোধা-পোছাৰ বাবে মাতিছিল। অকল তেৱেঁই নহয়, লালুৰ পত্নী আৰু পুত্ৰকো চমন জাৰি কৰা হৈছিল।

ইতিমধ্যে এই গোচৰত চি বি আয়ে কেইবাখনো অভিযোগনামা দাখিল কৰিছে। উক্ত চাৰ্জশ্বীটসমূহত দাবী কৰা হৈছে যে ৰে’লৱেত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি বিনিময়ত মাটিৰ দাবী কৰা হৈছিল। কেৱল সেয়াই নহয়, দুৰ্নীতিৰ শিপা কেনেকৈ বাঢ়ি গ’ল, কেনেকৈ বিয়পি পৰিল, সেই কথাও চি বি আয়ে চাৰ্জশ্বীটত উল্লেখ কৰিছে।
দিল্লীৰ বিশেষ চি বি আই আদালতে এই গোচৰৰ মুঠ ৯৮ জন জীৱিত অভিযুক্তৰ ভিতৰত ৪৬ জনৰ বিৰুদ্ধে অভিযোগ গঠনৰ অনুমতি দিছে। উল্লেখ্য যে ২০২৪ চনৰ ৮ জানুৱাৰীত ‘ভূমিৰ বিনিময়ত চাকৰি’ গোচৰটোত ই ডিয়ে লালুৰ পৰিয়ালৰ কেইবাজনো সদস্যৰ বিৰুদ্ধে বেআইনী বিত্তীয় লেনদেন প্ৰতিৰোধ আইনৰ (ইউ এ পি এ) অধীনত গোচৰ ৰুজু কৰিছিল।













