ASSAM TIMES POST
ডিফুঃ প্ৰেমৰ বাবে তাৎপৰ্য পূৰ্ণ দিন হিছাপে অভিহিত ভেলেণ্টাইন ডে’ৰ দিনাই এগৰাকী বোৱাৰীৰ আত্মহত্যাৰ পথ বাছি লোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ কাৰবি আংলঙত ৷
উল্লেখযোগ্য যে, মাথোঁ দুমাহ পূৰ্বে নিজৰেই শুভবিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত অভ্যাগতসকলৰ অনুৰোধত নৃত্য কৰি সামাজিক মাধ্যমত জনপ্ৰিয় হৈ পৰা হাওৰাঘাটৰ মাৰ্চি বৰা আৰু নাই ৷কাৰ্বি আংলং জিলাৰ ডকমকা অাৰক্ষী থানাৰ অধীনস্থ কামপুৰীয়া গাঁৱৰ নিজ স্বামীগৃহত উদ্ধাৰ হৈছে ন-বোৱাৰী মাৰ্চি বৰাৰ মৃতদেহ।

ভিতৰৰ পৰা বন্ধ নিজৰে শোৱনি কোঠাত শুক্ৰবাৰে ভেলেন্টাইন ডে’ৰ দিনা সন্ধিয়া স্বামীৰ অনুপস্থিতিত উদ্ধাৰ হৈছে মাৰ্চিৰ মৃতদেহ ৷ডিঙিত চূৰ্ণীজাতীয় কাপোৰেৰে চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় মাৰ্চিৰ মৃতদেহ ৷চাকৰিৰ প্ৰশিক্ষণসূত্ৰে মুম্বাইত থকা স্বামী প্ৰণৱ বৰাই সন্ধিয়া বাৰম্বাৰ ফোন কৰি আছিল পত্নী মাৰ্চিক ৷
দীৰ্ঘসময় ফোন কৰি থকাৰ পিছতো ফোন ৰিচিভ নকৰাত মাৰ্চি বৰাৰ সৰু দেওৰেক তথা স্বামী প্ৰণৱ বৰাৰ কনিষ্ঠ ভাতৃ অৰূপ বৰাক ফোন কৰি নবৌ মাৰ্চিক ফোন ৰিচিভ কৰিবলৈ দিছিল স্বামী প্ৰণৱে ৷ ইপিনে বিয়লিৰ ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি নিজৰ শোৱনি কোঠাত সোমাই থকা মাৰ্চিক শাহুৱেকে শুই থকা বুলিয়ে জগোৱা নাছিল ৷
কিন্তু সন্ধিয়ালৈ দুৱাৰ খুলি মাৰ্চি কোঠাৰ পৰা ওলাই নহাত সন্দেহবশতঃ শাহুৱেকে জোৰকৈ দুৱাৰ ঢকিয়াছিল ৷ তাৰ পিছতো মাত নিদিয়াত পিছফালৰ খিড়িকিয়েদি কোঠাটোলৈ দৃষ্টি নিক্ষেপ কৰোতেই মাৰ্চিক সেই খিড়িকিখনতে ওপৰৰ ভেন্টিলেটৰৰ পৰা ওলমি থকা প্ৰথম প্ৰত্যক্ষ কৰে বুলি কয় মাৰ্চি বৰাৰ শাহুয়েকে ৷

আৰু লগে লগেই হুৱা-দুৱা লাগে ঘৰখনত ৷উল্লেখ্য যে পেইন্টিঙচ্, কবিতা চৰ্চা, বিহুৱতী আদি বহুগুণৰ অধিকাৰী মাৰ্চিয়ে নিজৰেই শুভ-বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত নৃত্য কৰি সামাজিক মাধ্যমত জনপ্ৰিয় হৈছিল ৷সকলোৰে আদৰৰ মাৰ্চিৰ অকাল মৃত্যুত হতভম্ব হৈ পৰিছে গাওঁবাসী ৷ডকমকা আৰক্ষীয়ে সম্প্ৰতি আৰম্ভ কৰিছে তদন্ত ৷
প্ৰাথমিক তদন্তত ডকমকা আৰক্ষীয়ে মাৰ্চিয়ে হতাশগ্ৰস্ততাত ভূগি আত্মহনন কৰা বুলি ক’ব খোজে ৷ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰা হৈছে মাৰ্চি বৰাৰ মৃতদেহ ৷

মুকলি মনৰ স্ফূৰ্তিবাজ মাৰ্চিয়ে হঠাৎ কিয় এনে কঠোৰ সিদ্ধান্ত ল’লে তাক লৈ হতভম্ব মাৰ্চিৰ মাতৃ ও পৰিয়ালবৰ্গ ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আবেগত ভাগি পৰা মাৰ্চী বৰাৰ খুৰায়েক আৰু দেওৰেকে মুকলিমনা মাৰ্চীৰ কথা কৈ কান্দোনত ভাগি পৰে ৷ শশুৰ পৰিয়ালৰ লগতো খেল-ধেমালি নাচ-গান আদিত মচগুল হৈ থকা বোৱাৰী মাৰ্চিৰ মৃত্যুৰ কোনো কাৰণ পৰিয়ালৰ লোকে বিচাৰি উলিয়াব পৰা নাই বুলি মন্তব্য কৰে ৷৷












