ASSAM TIMES POST
ডিফুঃ অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজান বজাৰত আজি দিনৰ প্ৰায় ১ বজাত এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ঘন জনবসতিপূৰ্ণ অঞ্চলটোত হঠাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত বৃহৎ অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হয় ৷ জুইৰ লেলিহান শীখাই নিমিষতে বৃহৎ অঞ্চলটো আগুৰি ধৰাৰ ফলত সমগ্ৰ অঞ্চলটোৰ লগতে আকাশৰ বহু ওপৰলৈ কলা ধোৱাই ছানি ধৰে ৷

অগ্নিকাণ্ডত দহটাকৈ ভাড়াঘৰ জুইত সম্পূৰ্ণৰূপে জাহ যায়। ঘটনাস্থলীত খটখটি আৰক্ষী, বোকাজান অগ্নিনিৰ্বাপক বাহিনীৰ ২ খনকৈ গাড়ীৰ লগতে চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰ অগ্নিনিৰ্বাপক বাহিনীৰো ২ খন গাড়ীয়ে বহু কষ্টৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে লাহৰিজানৰ কাৰাগাঁওস্থিত দ্বিতীয় অসম বিশেষ সংৰক্ষিত বাহিনীৰ মাটিত অবৈধৱভাবে নিৰ্মাণ কৰা উক্ত ভাড়াঘৰ কেইটাৰ কোনো এটা ভাড়াঘৰৰ পৰাই জুইৰ সূত্ৰপাত ঘটা বুলি প্ৰতক্ষ্যদৰ্শীয়ে জানিবলৈ দিয়াৰ লগতে বহু লক্ষাধিক টকাৰ সা-সম্পত্তিও জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে।












