ASSAM TIMES POST
ডিফুঃ কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনা প্ৰক্ৰিয়া অব্যাহত থকা প্ৰাক্তন বিদ্ৰোহী সংগঠন কেএলএনএলএফৰ সৈতে আলোচনা প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ আহ্বান জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কাৰবি আংলঙৰ হিলছ পিপুল ইউনিয়ন চমুকৈ এইছপিইউ য়ে ৷
এক প্ৰেছ বিবৃতি যোগে এই কথা সদৰি কৰি আজি কাৰবি আংলং জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰখনৰ জৰিয়তে কেএনএলএফৰে শান্তি চুক্তি প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ আহ্বান জনোৱাৰ লগতে ইয়াৰ জৰিয়তে যাতে জিলাখনৰ খিলঞ্জীয়া বিশেষকৈ কাৰবি সকলৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক,শৈক্ষিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত হয় তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনায় ৷
এই ক্ষেত্ৰত অন্য বিদ্ৰোহী সংগঠন সমূহৰ লগত সকলো সামাজিক সংগঠনকে জিলাখনলৈ স্থায়ী শান্তি ঘুৰাই অনাৰ স্বাৰ্থত কেএলএনএলএফৰ শান্তি আলোচনা প্ৰক্ৰিয়ালৈ সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায় সংগঠনটোৱে ৷













