ASSAM TIMES POST
বকলীয়াঘাট : সমগ্ৰ শিক্ষক সমাজকে লজ্জাৱনত কৰি এগৰাকী কণমানি ছাত্ৰক যৌন নিৰ্যাতন চলোৱাৰ দৰে ঘৃণনীয় অপৰাধত এগৰাকী শিক্ষক লিপ্ত হোৱাৰ দৰে এক জঘন্য ঘটনা পোহৰলৈ আহিছে । ঘটনাৰ বিৱৰণ অনুসৰি, কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক্লাষ্টাৰ ভিত্তিত বিজ্ঞানৰ প্ৰদৰ্শনী আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল ।
উক্ত অনুষ্ঠানত উপস্থিত আছিল ডকমকাৰ বাচা তেপ্লং হিন্দী এম ই স্কুলৰ সহকাৰী শিক্ষক বেচনলাল চৌহান। অনুষ্ঠানৰ শেষত বাকী ছাত্ৰছাত্ৰী সকলক যাবলৈ দি ইয়াৰে এগৰাকী এঘাৰ বছৰীয়া ছাত্ৰক নিজৰ মটৰ চাইকেলত উঠাই লয় শিক্ষকৰূপী পাষণ্ড বেচনলাল চৌহানে। ইয়াৰ পিছতে ডকমকা থানাৰ অন্তৰ্গত মহামায়া পাহাৰৰ হাবিৰ মাজলৈ নি বিকৃত মানসিকতাৰ শিক্ষকগৰাকীয়ে কণমানি ছাত্ৰগৰাকীৰ ওপৰত জঘন্য যৌন নিৰ্যাতন চলায় ।
নিৰ্যাতনৰ বলি হোৱা কণমানি ছাত্ৰগৰাকীৰ অভিভাৱকে লগে লগে ডকমকা থানাত দিয়া এক এজাহাৰৰ ভিত্তিত ডকমকা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৭/পস্কো ধাৰা ৬ৰ অধীনত ০৮/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছে লম্পট শিক্ষক বেচনলাল চৌহান । অভিযুক্ত শিক্ষকজনৰ ঘৰ বকলীয়াঘাটৰ চৌহানবস্তিত বুলি জানিব পৰা গৈছে। শিক্ষকতাৰ দৰে এক পৱিত্ৰতম বৃত্তিত জড়িত থকা এগৰাকী লোকৰ এনে নিকৃষ্ট কাণ্ডই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।













