
সংকট অতিক্ৰম কৰি ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ইণ্ডিগ’ৰ (Indigo) বিমান সেৱা। অৱশ্যে শনিবাৰেও বাতিল কৰা হয় ব্যক্তিগত বিমান সংস্থাটোৰ বহু বিমান সেৱা।

শনিবাৰে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই জাৰি কৰা এক অধিসূচনাত কোৱা হৈছে যে ইণ্ডিগ’ৰ বিমান সেৱা ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে আৰু স্বাভাৱিকতাৰ দিশে আগবাঢ়িছে।
আনহাতে, বিমান যাত্ৰীসকলৰ অসুবিধা দূৰ কৰিবলৈ ৰে’লৱেয়ে দেশৰ ৩৭ খন ৰে’লত ১১৬টা অতিৰিক্ত ডবা সংযোজন কৰিছে। ইতিমধ্যে দেশৰ বিমান নিয়ন্ত্ৰক ডি জি চি এয়ে এই ব্যাঘাতৰ কাৰণ জানিবলৈ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। আনহাতে, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে এই ব্যাঘাতৰ বাবে দায়ীসকলে ইয়াৰ মূল্য দিব লাগিব বুলি সকীয়াই দিছে।
এন ডি টিভিক তেওঁ কয়, “আমি এখন কমিটী গঠন কৰিছো। ভুল ক’ত আছিল আৰু ইয়াৰ বাবে কোন দায়ী আছিল, সেই কমিটীয়ে ইয়াৰ ওপৰত চকু ৰাখিব। আমি সেই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ ওলাইছো। গতিকে, ইয়াৰ (ইণ্ডিগ’ সংকট) বাবে যিসকল দায়ী তেওঁলোকে ইয়াৰ মূল্য দিব লাগিব।”
বিমান সেৱা আৰু যাত্ৰীৰ সংখ্যাৰ ক্ষেত্ৰত ইণ্ডিগ’ হৈছে দেশৰ সৰ্ববৃহৎ বিমান সংস্থা। ইয়াৰ সেৱাত ব্যাঘাত জন্মিলে লাখ লাখ যাত্ৰী ক্ষতিগ্ৰস্ত হয়। ইণ্ডিগ’ৱে শুকুৰবাৰে গোটেই দিনটোত ১০০০ৰো অধিক বিমান আৰু বৃহস্পতিবাৰে মুঠ ৫৫০ খন বিমান বাতিল কৰে। বৃহস্পতিবাৰ আৰু শুকুৰবাৰে পুৱা গোটেই দিনটো দেশৰ বিভিন্ন বিমানবন্দৰত অতি বিশৃংখলতা পৰিলক্ষিত হয়।
ইণ্ডিগ’ৰ যাত্ৰীসকলে অভিযোগ কৰে যে তেওঁলোকে উপযুক্ত খাদ্য আৰু বাসস্থান নোহোৱাকৈ ঘণ্টাৰ পিছত ঘণ্টা বিমানবন্দৰত অপেক্ষা কৰি আছিল। কিন্তু বিমান সংস্থাটোৱে কেতিয়া নিৰ্দিষ্ট গন্তব্যস্থানলৈ যাত্ৰা কৰিব সেই বিষয়ে সঠিক সময় অৱগত কৰা নাই।













