
পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত (Pak Spy) বৃহস্পতিবাৰে গুজৰাট আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী দলে দুজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰে এজন হৈছে সেনাবাহিনীৰ প্ৰাক্তন চুবেদাৰ এ কে সিং। আনজন হৈছে ৰশ্মণি পাল। প্ৰথমজন গোৱাৰ বাসিন্দা আৰু দ্বিতীয়জন দমনৰ। অভিযোগ অনুসৰি, ভাৰতৰ গোপন তথ্য তেওঁলোকে পাকিস্তানক গতাই দিছিল।

যোৱা ৯ নৱেম্বৰত গুজৰাট এ টি এছে দেশত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা বিফল কৰিছিল। আহমেদ মহিউদ্দিন ছায়েদ, মহম্মদ চুহেইল আৰু আজাদ নামৰ তিনিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ পৰা আগ্নেয়াস্ত্ৰ আৰু বন্দুকৰ কাৰ্টিজো উদ্ধাৰ কৰা হৈছে। ২৩ জুলাইত গুজৰাটৰ এ টি এছে সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত চাৰিজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে।
১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সমীপত গাড়ী বিস্ফোৰণত কমেও ১৩ জন লোকৰ মৃত্যু হয়। লালকিল্লাৰ সমীপত সংঘটিত গাড়ী বিস্ফোৰণক ইতিমধ্যে তদন্তকাৰীয়ে সন্ত্রাসবাদী কার্য বুলি চিনাক্ত কৰিছে৷ তদন্তত ফৰিদাবাদ মডিউলৰ সৈতে এটা লিংক পোহৰলৈ আহিছে।
বিস্ফোৰণৰ ঠিক আগতে ফৰিদাবাদৰ পৰা উদ্ধাৰ কৰা হৈছে বিস্ফোৰক। তদন্তকাৰীৰ মতে, এই দুটা ঘটনা ইটোৱে সিটোৰ লগত সম্পৰ্কিত। ফৰিদাবাদ কাণ্ডত গ্ৰেপ্তাৰ হোৱা বহুকেইজন চিকিৎসক। ইয়াৰ পিছত বিভিন্ন ৰাজ্যত সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰে।










