ASSAM TIMES POST
ডিফুঃ জন সাধাৰণৰ মাজত আইন সেৱা উন্নীত কৰণৰ লক্ষ্যৰে কাৰবি আংলং জিলাৰ আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত বিনামূলীয়াকৈ আজি ডিফুত এক আইনী সাহায্য পৰামৰ্শ সম্পৰ্কীয় প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত কৰা হয়

জিলা আৰু সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষই উদ্ধোধন কৰা প্ৰশিক্ষণ শিৱিৰত নগাওঁ উকিল সন্থাৰ সভাপতি এএইছ খন্দকাৰ সমল ব্যক্তি হিছাপে উপস্থিত থাকে ৷
ডিফু উকিল সন্থাৰ সভাপতি ডি কে ডেকাই শিৱিৰটোত উপস্থিত থাকি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই উভয় পক্ষ জেৰাৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় লগতে ডিএলএছএৰ সম্পাদক এন, আহমেদে আইন সেৱা মান উন্নীতকৰণৰ ক্ষেত্ৰত এনে প্ৰশিক্ষণৰ গুৰুত্ব সন্দৰ্ভত মন্তব্য কৰে ৷













