ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

New Labour Code I ডিচেম্বৰৰ পৰা কমিব পাৰে আপোনাৰ দৰমহা, কিন্তু কিয়?

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 27, 2025
Reading Time: 1 min read
A A
0
New Labour Code । কেন্দ্রই কার্যকৰী কৰিলে চাৰিখন নতুন শ্ৰম আইন

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

ভাৰতত শ্ৰম আইন (New Labour Code) সংস্কাৰৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ ২১ নৱেম্বৰৰ পৰা নতুন শ্ৰম সংহিতা ৰূপায়ণৰ কথা ঘোষণা কৰিছে।

New Labour Code I
ডিচেম্বৰৰ পৰা কমিব পাৰে আপোনাৰ দৰমহা, কিন্তু কিয়?:

এই সংস্কাৰৰ লক্ষ্য হৈছে দীৰ্ঘদিনীয়া আৰু জটিল শ্ৰম আইনসমূহ সৰল কৰা, শ্ৰমিক অধিকাৰৰ সুৰক্ষা বৃদ্ধি কৰা আৰু শ্ৰম ব্যৱস্থাক আধুনিক অৰ্থনৈতিক বাস্তৱতাৰ সৈতে মিলাই লোৱা। নতুন ব্যৱস্থাটোৱে মুঠ ২৯খন পূৰ্বৰ কেন্দ্ৰীয় শ্ৰম আইনক চাৰিটা ঐক্যবদ্ধ শ্ৰম সংহিতাত একত্ৰিত কৰিছে।

সেইকেইটা হৈছে মজুৰি সংহিতা (২০১৯), ঔদ্যোগিক সম্পৰ্ক সংহিতা (২০২০), সামাজিক সুৰক্ষা সংহিতা (২০২০) আৰু বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি সংহিতা (২০২০)। চৰকাৰে দাবী কৰে যে এই পৰিৱৰ্তনে শ্ৰম আইন সৰল কৰিছে, আওপুৰণি বিধান আধুনিকীকৰণ কৰিছে, প্ৰশাসনিক জটিলতা হ্ৰাস কৰিছে, শ্ৰমিকৰ অধিকাৰ আৰু সুৰক্ষা শক্তিশালী কৰিছে।

নতুন শ্ৰম সংহিতা ৰূপায়ণৰ ফলত সমগ্ৰ দেশতে কৰ্মচাৰীৰ দৰমহাৰ গাঁথনিত বৃহৎ পৰিৱৰ্তন হ’ব পাৰে। গুৰুত্বপূৰ্ণ কথাটো হ’ল, নতুন সংহিতা অনুসৰি এটা কোম্পানীয়ে এজন কৰ্মচাৰীৰ চি টি চি (Cost of Direct Taxes)ৰ কমেও ৫০% মৌলিক দৰমহা (Basic pay) হিচাপে নিৰ্ধাৰণ কৰিব লাগিব।

অৰ্থাৎ মৌলিক দৰমহা, ডি এ (মৰগীয়া বানচ) আৰু ৰিটেইনিং এলাৱেন্সে (আৰ এ) এতিয়া মৌলিক দৰমহাৰ গাঁথনি নিৰ্ধাৰণ কৰিব। নিয়মটোত কোৱা হৈছে যে যদিহে দৰমহাৰ গাঁথনিৰ অন্যান্য উপাদান বা আনুষংগিক সুবিধাসমূহে মুঠ দৰমহাৰ ৫০% অতিক্ৰম কৰে, তেন্তে সেইবোৰ পুনৰ মজুৰি হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব।

কৰ্মচাৰীৰ মৌলিক দৰমহা বৃদ্ধি হোৱাৰ লগে লগে পি এফ, পেঞ্চন, ই এছ আই চি, গ্ৰেচুইটি আৰু বোনাছৰ দৰে সুবিধাসমূহত কোম্পানীটোৰ অৱদান বৃদ্ধি পাব। কিন্তু ইয়াৰ ফলত বহু কৰ্মচাৰীৰ মাহিলি দৰমহা বা ‘টেক-হোম পে’ ক্ৰমান্বয়ে হ্ৰাস পাব পাৰে, কিয়নো সঞ্চয় আৰু অৱসৰৰ ধনৰ পৰা কৰ্তন কৰা ধনৰাশি বৃদ্ধি পাব।

অধিবক্তা সঞ্জয় সিঙে ইয়াৰ ব্যাখ্যা কৰি কয় যে নতুন মজুৰিৰ সংজ্ঞাত মৌলিক দৰমহা, মৰগীয়া বানচ আৰু আৰ এ অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু ঘৰভাড়া ভাট্টা, পৰিবহণ ভাট্টা, অতিৰিক্ত সময়ৰ ভাট্টা, কমিছন, গ্ৰেচুইটি, পেঞ্চন পুঁজিৰ অৱদান, টাৰ্মিনেচন ক্ষতিপূৰণ আৰু অন্যান্য এককালীন ভাট্টা বাদ দিয়া হৈছে। কিন্তু যদি এই উপাদানসমূহৰ পৰিমাণ দৰমহাৰ আধাতকৈ অধিক হয়, তেন্তে ইয়াৰে এটা বা ততোধিক উপাদানক ‘মজুৰি’ হিচাপে পুনৰ শ্ৰেণীভুক্ত কৰা হ’ব।

তেওঁ লগতে কয় যে আইনখনত কোনবোৰ উপাদান পুনৰ শ্ৰেণীভুক্ত কৰা হ’ব সেইটো নিৰ্দিষ্ট কৰা হোৱা নাই যদিও বিশ্বাস কৰা হৈছে যে ৫০ শতাংশ সীমা অতিক্ৰম কৰা উপাদানসমূহ অন্তৰ্ভুক্ত কৰাত সৰ্বাধিক অৰিহণা যোগোৱা উপাদানটোক ‘মজুৰি’ হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব।

শ্ৰম সংহিতাত আন কেইবাটাও গুৰুত্বপূৰ্ণ সামাজিক সুৰক্ষা সংশোধনীও অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে এটা হ’ল যে স্থায়ী কৰ্মচাৰীৰ পৰিৱৰ্তে নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিযুক্তি দিয়া কৰ্মচাৰীসকলে এতিয়া মাত্ৰ এবছৰ অবিৰত সেৱাৰ পিছত গ্ৰেচুটিৰ বাবে যোগ্য হ’ব, যিটো পূৰ্বৰ পাঁচ বছৰৰ প্ৰয়োজনীয়তা আছিল। যিহেতু গ্ৰেচুইটি মৌলিক দৰমহাৰ ওপৰত ভিত্তি কৰি কৰা হয়, গতিকে নতুন নিয়মৰ অধীনত কৰ্মসংস্থাপন বন্ধ কৰাৰ লগে লগে লাভ কৰা ধনৰাশি পূৰ্বতকৈ অধিক হ’ব।

নতুন শ্ৰম সংহিতাই প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় নূন্যতম মজুৰি কাৰ্যকৰী কৰাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে, যিটো পূৰ্বতে কিছুমান ‘নিৰ্ধাৰিত বৃত্তি’ বা নিৰ্ধাৰিত নিয়োগৰ মাজতে সীমাবদ্ধ আছিল। এতিয়াৰে পৰা সংগঠিত আৰু অসংগঠিত সকলো শ্ৰমিকে আইনী নূন্যতম মজুৰি লাভ কৰাৰ অধিকাৰী। তদুপৰি ‘ফ্ল’ৰ ৱেজ’ বা নূন্যতম জীৱন-যাপনৰ মজুৰি স্থাপন কৰা হ’ব আৰু কোনো ৰাজ্যই ইয়াতকৈ কম নূন্যতম মজুৰি নিৰ্ধাৰণ কৰিব নোৱাৰিব।

নিয়োগৰ অৱস্থা, দক্ষতাৰ স্তৰ, ভৌগোলিক বৈষম্য, উষ্ণতা, বিপজ্জনক কৰ্মস্থলীকে ধৰি বিভিন্ন কাৰকৰ প্ৰতি লক্ষ্য ৰাখি মজুৰি নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই আইনখনে মহিলা আৰু তৃতীয় লিংগ পৰিচয় থকা শ্ৰমিকসকলৰ নিযুক্তি, দৰমহাৰ গাঁথনি, কৰ্ম পৰিৱেশৰ ক্ষেত্ৰতো বৈষম্য নিষিদ্ধ কৰিছে।

নতুন ব্যৱস্থাই মজুৰি প্ৰদানৰ ক্ষেত্ৰত গাফিলতি বা পলমৰ বাবে নিয়োগকৰ্তাৰ দায়িত্ব আৰু স্পষ্ট কৰি দিয়ে আৰু অতিৰিক্ত সময়ৰ বাবে কৰ্মচাৰীসকলক তেওঁলোকৰ সাধাৰণ মজুৰিৰ দুগুণ মজুৰি দিয়াটো আইনগতভাৱে বাধ্যতামূলক কৰি তোলে।

পূৰ্বৰ পৰিদৰ্শক ব্যৱস্থাৰ ঠাইত এতিয়া “পৰিদৰ্শক-সহ-সুবিধাক” স্থাপন কৰা হ’ব, যাৰ ভূমিকা কেৱল তত্ত্বাৱধায়ক নহয়, প্ৰশিক্ষণ, সজাগতা, আৰু পৰামৰ্শও হ’ব। প্ৰথমবাৰৰ বাবে উলংঘা কৰিলে জে’লৰ শাস্তিৰ পৰিৱৰ্তে জৰিমনা বিহা হ’ব যদিও পুনৰাবৃত্তিমূলক অপৰাধৰ ফলত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

নতুন শ্ৰম সংহিতা ৰূপায়ণে কিছু সকাহ আৰু কিছু উদ্বেগ কঢ়িয়াই আনিছে। শ্ৰমিক সংগঠনসমূহে বিশ্বাস কৰে যে অৱসৰৰ সময়ত সঞ্চয় বৃদ্ধি হ’ব যদিও দৰমহা হ্ৰাস পোৱাৰ বাবে শ্ৰমিকসকলে হ্ৰস্বম্যাদীভাৱে আৰ্থিক হেঁচা বৃদ্ধিৰ সন্মুখীন হ’ব পাৰে।

আনহাতে, উদ্যোগে যুক্তি আগবঢ়ায় যে এই পৰিৱৰ্তনে মজুৰিৰ গাঁথনিত স্বচ্ছতা আনিব আৰু ভৱিষ্যতৰ শ্ৰমিক সম্পৰ্ক আৰু প্ৰশাসনিক জটিলতা হ্ৰাস কৰিব। সামগ্ৰিকভাৱে দেশৰ শ্ৰম গাঁথনিৰ এই পৰিৱৰ্তনক ভাৰতীয় শ্ৰম বজাৰৰ এক নতুন অধ্যায়ৰ আৰম্ভণি হিচাপে দেখা গৈছে, যাৰ প্ৰকৃত প্ৰভাৱ অনাগত কেইবছৰমানৰ ভিতৰত স্পষ্ট হ’ব।

Tags: আপোনাৰ দৰমহাকিন্তু কিয়ডিচেম্বৰৰ পৰা কমিব পাৰে
Share4Tweet3Send

Related Posts

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

by News Desk
July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

by News Desk
July 18, 2026
50
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ
National-International

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

by News Desk
July 18, 2026
50
Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা
National-International

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

by News Desk
July 18, 2026
50
Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ
National-International

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

by Staff Reporter
July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

by Staff Reporter
July 18, 2026
50
ADVERTISEMENT
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx