ASSAM TIMES POST
তাৰালাংছ’ৰ পৰা কামৰুল খান
কাৰবি লোক-কৃষ্টি,সংস্কৃতিৰ সুৱাস বিলাবলৈ ন-কইণাৰ দৰে সাজি পাৰি ওলাইছে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তীৰ কাৰবি পিপুলছ হল তথা বৃহৎ তাৰালাংছৰ বাকৰি ৷ প্ৰতি বছৰৰ দৰে এই বছৰো অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচীলৈ পুণৰ আৰম্ভ হ’ব লগীয়া ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱ প্ৰস্তুতি তুংগত উঠিছে ৷ ৮২৭ বিঘাৰ বৃহৎ ভূমি ক্ষেত্ৰৰে আৱৰা তাৰালাংচৰ বৃহৎ প্ৰকল্পটোত কাৰবি জাতীয় জীৱনৰ সোপান আৰু ডেকা-গাভৰ প্ৰেমাস্পদৰ অন্যতম উৎসৱ ‘কাৰবি যুৱ মহোৎসৱ’ক প্ৰতি বছৰৰ দৰে এই বছৰো আথে-বেথে আদৰি লবলৈ উদগ্ৰীৱ হৈ পৰিছে ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ উদযাপন সমিতিয়ে ৷

সৰু বৰ পাহাৰৰ মনোৰম প্ৰাকৃতিক আৰু নৈসৰ্গিক পৰিবেশৰ মাজতে মন পৰশা উতলা ফাগুণৰ সেমেকা বতাহত তাৰলাংচৰ বাকৰিত উদ্ভাসিত হ’ব কাৰবি পৰাম্পৰাগত লোক- কৃষ্টি সংস্কৃতিৰ অমিয় সুবাস ৷ জিলা খনত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ পৰাম্পৰাগত কৃষ্টি সংস্কৃতিক অগ্ৰাধিকাৰ দি উদ্যোক্তা সকলে তাৰালাংচত সংস্কৃতিৰ পৃথিৱীখনত এক সকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৮২৭ বিঘাজোৰা মাটিকালিৰ তাৰালাংচৰ বাকৰিত শিল্পীগ্ৰাম, বিভাগীয় প্ৰদৰ্শনীস্থলী, বজাৰ গৃহ, ক্ৰীড়াংগন, জনগোষ্ঠীয় আৱাস গৃহ, জনগোষ্ঠীয় নৃত্য আৰু কলা প্ৰদৰ্শনীৰ বাবে ( আচেথাই) মঞ্চ সমূহ বিভিন্ন আলোক সজ্জা আৰু ৰঙ- তুলিকাৰে ন- কইনাৰ দৰে সজাই পৰাই তোলা হৈছে ৷ ১৯৭৪ চনৰ পৰাৰ পৰা ধাৰাবাহিক ভাবে অনুষ্ঠিত হৈ অহা যুৱ মহোৎসৱটিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ট আৰু পুৰণি যুৱ মহোৎসৱ হিচাপে পৰিগণিত হৈ আহিছে ৷
এইবাৰ যুৱ মহোৎসৱটিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব প্ৰায় ৭০ ফুট উচ্চতাৰ কাৰবি মহিলাৰ কাণত পিন্ধা অলংকাৰ কাৰবি নথেংপি ( স্থায়ী প্ৰাসাদ)৷ কাৰবি কালচাৰেল ছচাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰই আমাক দিয়া এক সুকীয়া সাক্ষাতকাৰত জনায় যে, ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱটি সফলৰূপে উদযাপন কৰিবলৈ উদ্যোক্তা সকলে দিনে- নিশাই হাড়ভগা শ্ৰমেৰে প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ কৰি তুলিছে ৷ ১ কোটি ২০ লাখ টকাৰ বাজেটলৈ উদযাপন কৰিবলগীয়া ৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱত এইবাৰ বুদ্ধিজীৱিৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব ৷ কাছাৰ, মালিগাওঁ, গ্ৰেটাৰ গুৱাহাটী, মেঘালয়, নগাওঁ আদিৰ পৰা প্ৰায় ৫ সহস্ৰাধিক শিল্পীৰ অংশ গ্ৰহণেৰে মায়া নগৰীলৈ ৰূপান্তৰিত হব তাৰালাংচৰ বাকৰি ৷
যুৱ মহোৎসৱটিৰ উদ্ধোধনী অনুষ্ঠানৰ পতাকা উত্তোলন কৰিব কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাগী সদস্য তুলিৰাম ৰংগাঙে ৷ সাংস্কৃতিক কাণ্ডাৰী চন্দ্ৰছিং ক্ৰ’ই মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ প্ৰশংসাত পঞ্চমুখ কয়যে, কাৰবি যুৱ মহোৎসৱৰ গৌৰৱোজ্জল সোণালী জয়ন্তীলৈ ৪ বছৰ বাকী থকালৈ লক্ষ্য ৰাখি ক্ষিপ্ৰ গতিত তুলিৰাম ৰংহাঙৰ আশাসুধীয়া প্ৰচেষ্টাত মহোৎসৱথলীৰ দুটাকৈ স্থায়ী তোৰণৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ লগতে অনান্য নিৰ্মাণ কাৰ্যই চমকপ্ৰদ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷
৪৬ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ৰাজ্য চৰকাৰ প্ৰভাৱশালী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনোৱা হব বুলি জনাইছে ৷ কাৰবি যুৱ মহোৎসৱৰ বাবে ছিং মিৰজেং আছাথাই (মঞ্চ) নিৰমাণৰ আৰ্হিত অৰিহণা যোগোৱা তথা আন্তৰ্জাতিক মিউজিয়ামত কাৰবি পৰাম্পৰাগত সাজ-পাৰ, বোৱা-কটা আদি ৰখাৰ বাবে ১৮ ফেব্ৰুৱাৰী নিশা সুদুৰ নৰৱেৰ এলিজাবেথ নেড’ ওৰফে বেলা’ক সম্বৰ্ধনা জনোৱা হব বুলি চন্দ্ৰছিং ক্ৰ’ই জানিবলৈ দিছে৷













