
এজন যুৱকে তেওঁৰ প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ যোৱাত জিভা কাটিলে যুৱতীয়ে। যুৱতীগৰাকীয়ে কামোৰাৰ লগতে জিভা কাটি পেলোৱাৰ অভিযোগ। উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি, কানপুৰৰ দৰিয়াপুৰৰ বাসিন্দা চম্পী বিবাহিত। চুবুৰীৰ এগৰাকী যুৱতীৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু যুৱতীগৰাকীৰ ঘৰৰ পৰা সম্পৰ্কটোৰ বিষয়ে জনাৰ পিছত আৰু আন ঠাইত বিয়া ঠিক হোৱাৰ পিছত তেওঁ চম্পীৰ পৰা দূৰত্ব বৃদ্ধি কৰে। এই ঘটনাত চম্পী হতাশ হৈ পৰে। বাৰে বাৰে প্ৰেমিকাক লগ কৰিবলৈ চেষ্টা কৰে, কিন্তু তেওঁ নোৱাৰিলে।
অৱশেষত সোমবাৰে যুৱতীগৰাকীয়ে গাঁৱৰ এটা পুখুৰীৰ পাৰৰ পৰা মাটি আনিবলৈ অকলে গৈছিল। সেই সময়ত চম্পীয়ে তেওঁক বাটভেটি ধৰে। অভিযোগ অনুসৰি, তেওঁক শাৰীৰিক নিৰ্যাতন চলায়। তেওঁক টানি আনি জোৰকৈ চুমা খাবলৈ চেষ্টা কৰে।
যুৱতীগৰাকীয়ে তেওঁক বাধা দি ঠেলি দিয়ে। কিন্তু তাৰ পিছতো যুৱতীগৰাকীৰ ওপৰত জোৰ-জবৰদস্তি কৰা বুলি অভিযোগ উঠিছে। তেওঁ যেতিয়া যুৱতীগৰাকীক চুমা খাবলৈ চেষ্টা কৰে, যুৱতীগৰাকীয়ে তেতিয়া চম্পীৰ জিভাখন কামুৰি কাটি পেলায়। চম্পীৰ চিঞৰ শুনি গাঁৱৰ মানুহ লৰালৰিকৈ উক্ত স্থানত উপস্থিত হয়।
ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁক কানপুৰৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। উপ-আৰক্ষী আয়ুক্ত দীনেশ ত্ৰিপাঠীয়ে কয় যে এই ঘটনাত এজাহাৰ দাখিল কৰা হৈছে। তদন্ত আৰম্ভ কৰা হৈছে।










