ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sheikh Hasina । আল্লাহে জীৱন দিছে, আল্লাহেই ল’ব; মোৰ একো পৰোৱা নাই! ৰায়দানৰ পূৰ্বে শ্বেখ হাছিনাৰ অডিঅ’ বাৰ্তা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 17, 2025
Reading Time: 1 min read
A A
0
Sheikh Hasina I শ্বেখ হাছিনাৰ শাস্তি ঘোষণা বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ

RELATED POSTS

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

New Logo Smal | ASSAM TIMES POST

বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় ন্যায়াধিকৰণত ৰায় ঘোষণা কৰাৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই (Sheikh Hasina) দেশবাসী আৰু আৱামী লীগৰ সমৰ্থকসকলক এক অডিঅ’ বাৰ্তা প্ৰদান কৰে। ৰায়দানৰ প্ৰতি কোনো পৰোৱা নকৰে বুলিও কয় তেওঁ।

Sheikh Hasina ।
ৰায়দানৰ পূৰ্বে শ্বেখ হাছিনাৰ অডিঅ’ বাৰ্তা:

কাৰণ হিচাপে কয়, “আল্লাহে জীৱন দিছে, আল্লাহেই ল’ব।” হাছিনাই ঘোষণা কৰে যে অনাগত দিনত তেওঁৰ দলে বাংলাদেশত অধিক শক্তিশালী হৈ ঘূৰি আহিব।
যোৱা বছৰৰ জুলাই মাহত বাংলাদেশত হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন চলিছিল। গণ আন্দোলনৰ হেঁচাত হাছিনাই পদত্যাগ কৰিবলগীয়া হৈছিল। দেশৰ পৰা পলায়ন কৰি ভাৰতলৈ আহে।

তেতিয়াৰ পৰাই তেওঁ ভাৰতত আছে। তেওঁ মাজে মাজে ইয়াৰ পৰাই অডিঅ’ মেছেজ দিয়ে। আৱামি লীগৰ ছ’চিয়েল মিডিয়া পেজত সেয়া প্ৰকাশ পায়। সোমবাৰে আন্তঃৰাষ্ট্ৰীয় ন্যায়াধিকৰণৰ ৰায়দানৰ কেইঘণ্টামান পূৰ্বে হাচিনাই এনে বাৰ্তা প্ৰদান কৰে। বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছক সমালোচনা কৰে।

বাংলাদেশত জুলাই মাহৰ প্ৰতিবাদৰ সময়ত চৰকাৰ আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষত কমেও ১৫০০ লোকৰ মৃত্যু হয়। মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত হাছিনাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।

তেওঁৰ দল আৱামী লীগৰ ৰাজনৈতিক কাৰ্যকলাপত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। হাছিনাৰ বিৰুদ্ধে গোচৰৰ অন্যতম অভিযুক্ত বাংলাদেশৰ আৰক্ষী সঞ্চালক প্ৰধান আল-মামুন ৰাজসাক্ষী হৈ পৰিছে। চৰকাৰে একাধিক প্ৰমাণ দাখিল কৰি হাছিনাৰ মৃত্যুদণ্ড বিচাৰিছে।

আৱামি লীগৰ সমৰ্থকসকলে অনুমান কৰিছে যে আন্তঃৰাষ্ট্ৰীয় ন্যায়াধিকৰণে সোমবাৰে হাছিনাক দোষী সাব্যস্ত কৰিব। মৃত্যুদণ্ডও দিয়া হ’ব পাৰে। সমৰ্থকসকললৈ হাছিনাই দিয়া বাৰ্তা হৈছে, “মই জীয়াই আছো। মই জীয়াই থাকিম। মই পুনৰ ৰাইজৰ সুবিধাৰ্থে কাম কৰিম। মই বাংলাদেশৰ ভূমিৰ সৈতে ন্যায় কৰিম।”

তেওঁৰ পুত্ৰ ছাজিব ৱাজেদ জয়ো হাছিনাৰ মৃত্যুদণ্ডক লৈ চিন্তিত নহয়। আমেৰিকাৰ পৰা তেওঁ কয় যে তেওঁৰ মাতৃক মৃত্যুদণ্ডৰ শাস্তি দিয়া হ’ব পাৰে। কিন্তু ভাৰতত তেওঁ সুৰক্ষিত। ভাৰত চৰকাৰে তেওঁৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। অডিঅ’ বাৰ্তাটোত হাচিনাই ইউনুছৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁ কয়, “বাংলাদেশৰ সংবিধানত কোৱা হৈছে যে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰতিনিধিক পদৰ পৰা আঁতৰোৱাটো শাস্তিযোগ্য অপৰাধ। ইউনুছে তেনেকুৱাই কৰিছিল। তেওঁক শাস্তি দিয়া উচিত আছিল। তেৱেঁই হত্যাৰ নিৰ্দেশ দিছিল।” হাছিনাৰ ওপৰত উত্থাপিত মূল অভিযোগ এই যে তেওঁ প্ৰতিবাদকাৰীক গুলীচালনাৰ নিৰ্দেশ দিছিল।

এই অভিযোগ অস্বীকাৰ কৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ দাবী কৰে যে তেওঁ প্ৰত্যক্ষভাৱে কাকো হত্যাৰ নিৰ্দেশ দিয়া নাছিল। অডিঅ’ মেছেজত হাছিনাই দাবী কৰে যে আৰক্ষীয়ে ৰবৰৰ গুলী নিক্ষেপ কৰিছিল, প্ৰাণনাশক নহয়। মৃতদেহবোৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দেখাৰ পিছতহে বুজিব পাৰি যে কেনেকৈ হত্যা কৰা হ’ল।

সাক্ষীসকলৰ বক্তব্য কিয় ৰাজহুৱা কৰা নহ’ল সেয়াও প্ৰশ্ন উত্থাপন কৰে হাছিনাই। তেওঁ কয়, “ইউনুছে আৱামি লীগ ধ্বংস কৰিব বিচাৰে। কিন্তু ইমান সহজ নহয়। আৱামি লীগ তৃণমূল পৰ্যায়ৰ পৰাই ওলাই আহিছে। কোনো ক্ষমতা দখলকাৰীৰ পকেটৰ পৰা নহয়।” হাছিনাই তেওঁৰ বিৰুদ্ধে উত্থাপিত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ সন্দৰ্ভতো মাত মাতিছে।

তেওঁ কয়, “তেওঁলোকে কৈছে যে মই মানৱতাৰ বিৰুদ্ধে অপৰাধ কৰিছো। মই ১০ লাখ ৰোহিংগীয়াক আশ্ৰয় দিলোঁ। সেয়া মানৱতাৰ বিৰুদ্ধে অপৰাধ নেকি? সোমবাৰৰ ৰায় সন্দৰ্ভত হাছিনাই কয়, “তেওঁলোকে ৰায় ঘোষণা কৰক। মই একো পৰোৱা কৰা নাই। আল্লাহে মোক এই জীৱন দিছে। আল্লাহে ল’ব। মই জনসাধাৰণৰ বাবে কাম কৰি যাম।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আল্লাহে জীৱন দিছেআল্লাহেই ল'ব;মোৰ একো পৰোৱা নাই!ৰায়দানৰ পূৰ্বে শ্বেখ হাছিনাৰ অডিঅ' বাৰ্তা
Share5Tweet3Send

Related Posts

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
50
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

by News Desk
September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

by News Desk
September 21, 2026
51
ADVERTISEMENT
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026
50
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d