
দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত গাড়ী বিস্ফোৰণত জড়িত লোকসকলক কঠোৰতম শাস্তি প্ৰদানৰ আহ্বান জনাইছে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই (Omar Abdullah)। বিস্ফোৰণত উৰুৱাই দিয়া গাড়ীখনৰ লগতে ওমৰ মহম্মদ ওৰফে ওমৰ-উন-নবী নামৰ এজন কাশ্মীৰী চিকিৎসকৰ নামো পোহৰলৈ আহিছে

এনে পৰিস্থিতিত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়ে সাধাৰণ কাশ্মীৰীৰ হৈ মাত মাতিছে। তেওঁৰ মতে, জম্মু-কাশ্মীৰৰ সকলো বাসিন্দা সন্ত্ৰাসবাদী নহয়। কাশ্মীৰৰ প্ৰতিজন বাসিন্দাই সন্ত্ৰাসবাদক সমৰ্থন নকৰে। মাত্ৰ এমুঠিমান মানুহেহে তাত শান্তি-সম্প্ৰীতিৰ পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে।
বৃহস্পতিবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে জম্মু-কাশ্মীৰৰ সাধাৰণ শান্তিপ্ৰেমী বাসিন্দাসকলৰ কার্যৰ সৈতে ‘মুষ্টিমেয় লোকৰ’ কার্যক একাকাৰ কৰা উচিত নহয়৷ অপৰাধী আৰু সাধাৰণ মানুহৰ মাজৰ পাৰ্থক্য বুজি পোৱাটো প্ৰয়োজনীয় বুলি তেওঁ অনুভৱ কৰে।
দিল্লী বিস্ফোৰণ সন্দৰ্ভত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়ে কয়, “এই আক্ৰমণৰ বাবে মুষ্টিমেয় লোক দায়ী। দোষীক কঠোৰতম শাস্তি দিয়া উচিত। কিন্তু নিৰীহ লোকক একে দৃষ্টিকোণেৰে চোৱা উচিত নহয়।”
ওমৰ আব্দুল্লাই লগতে কয়, “যদি প্ৰতিজন কাশ্মীৰীক একে দৃষ্টিকোণেৰে চায় আৰু প্ৰতিজন কাশ্মীৰীক সন্ত্ৰাসবাদী বুলি গণ্য কৰিবলৈ চেষ্টা কৰা হয়, তেন্তে সেয়া এক ডাঙৰ ভুল হ’ব।”
উল্লেখ্য যে সোমবাৰে সন্ধিয়া দিল্লীৰ লালকিল্লাৰ সমীপত এখন হুণ্ডাই i20 গাড়ী বিস্ফোৰণ ঘটে। বিস্ফোৰণৰ পিছতে কাশ্মীৰী চিকিৎসক ওমৰৰ নাম আহে। বিস্ফোৰণৰ পূৰ্বে তেওঁ গাড়ীখন চলাই আছিল। কাশ্মীৰৰ পুলৱামাত বৃহস্পতিবাৰে মাজনিশা ওমৰৰ ঘৰ বিস্ফোৰণত উৰুৱাই দিয়া হয়।
সোমবাৰে লালকিল্লাৰ সমীপত এখন বগা ৰঙৰ হুণ্ডাই i20 গাড়ী বিস্ফোৰণ ঘটে। মৃত্যুৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পাইছে।
উক্ত দিনাই জম্মু-কাশ্মীৰ আৰক্ষী আৰু হাৰিয়ানা আৰক্ষীৰ যৌথ দলে ফৰিদাবাদত অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। আন এজন কাশ্মীৰী চিকিৎসকো এই ঘটনাৰ সৈতে জড়িত আছিল। ইফালে শুকুৰবাৰে এন আই এৰ তদন্তকাৰী দল শ্ৰীনগৰলৈ গৈছে।










