
অসম-নাগালেণ্ড সীমান্তৰ খটখটী থানা এলেকাৰ গৌতম বস্তিত আৰক্ষীৰ অভিযানত সন্দেহযুক্ত হেৰইনৰ সৈতে দুজন পুৰুষ আৰু দুজনী মহিলা সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ সূত্ৰে প্ৰাপ্ত খবৰ অনুসৰি মঙলবাৰে সন্ধিয়া ৫ মান বজাত এক গোপন সূত্ৰৰ পম খেদি গৌতম বস্তিৰ এটি জিৰণি চৰাত ড্ৰাগছ সৰবৰাহ কৰিবলৈ ৰৈ থকা চাৰিটা সৰবৰাহকাৰীক তালাচী চলাই এজনী মহিলাৰ পৰা তিনিটা চাবোনৰ বাকচত লুকুৱাই ৩৮ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ আৰক্ষীয়ে এই সন্দৰ্ভত আটক কৰা সৰবৰাহকাৰী কেইটা ক্ৰমে, নগাওঁ জিলাৰ কামপুৰৰ ছোনিয়া বেগম, ছেলিমা খাতুন, ফইজুল হক আৰু ফিৰোজ হুছেইনক আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
দণ্ডাধীশ আৰু নিৰপেক্ষ যাক্ষী গণৰ সাক্ষাতত উদ্ধাৰ হেৰইনখিনি জব্দ কৰা হয় ৷ মহকুমাৰ আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ, খটখটীৰ অ’চি সূৰ্য কুমাৰ বৰা, এছআই দেৱাশীষ বৰা, কাৰেগাওঁ পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰ জ্যোতি শৰ্মা আৰু থানা ষ্টাফৰ সহযোগত চলিছিল ড্ৰাগছ বিৰোধী অভিযান ৷












