ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

গৃহ নগৰ বোকাখাতত বিশ্ব ক্ৰিকেট তাৰকা ‘অসম সৌৰভ’ উমা ছেত্ৰীক ২ শতাধিক দল-সংগঠন, ব্যক্তিৰ উষ্ম আদৰণি:

অজন্তা তালুকদাৰ, বোকাখাত

Staff Reporter by Staff Reporter
November 8, 2025
Reading Time: 1 min read
A A
0
গৃহ নগৰ বোকাখাতত বিশ্ব ক্ৰিকেট তাৰকা ‘অসম সৌৰভ’ উমা ছেত্ৰীক ২ শতাধিক দল-সংগঠন, ব্যক্তিৰ উষ্ম আদৰণি:

RELATED POSTS

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

New Logo Smal | ASSAM TIMES POST

বিশ্ব ক্ৰিকেটত শ্ৰেষ্ঠত্ব অৰ্জন কৰি দেশৰ লগতে বোকাখাতলৈ গৌৰৱ কঢ়িয়াই অনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম উজ্বল তাৰকা ‘অসম সৌৰভ’ উমা ছেত্ৰীৰ (Uma Chetry)  গৃহ প্ৰত্যাৱৰ্তনে উৎফুল্লিত কৰি তুলিছে সমগ্ৰ বোকাখাতবাসীৰ লগতে গোলাঘাট জিলাবাসীক। বোকাখাতৰ জীয়ৰী বিশ্ব তাৰকা উমা ছেত্ৰীক আজি উষ্ম আদৰণি জনালে বোকাখাতত দুই শতাধিক দল-সংগঠন, ব্যক্তিয়ে।
উমা ছেত্ৰী
বিশ্ব ক্ৰিকেট তাৰকা ‘অসম সৌৰভ’ উমা ছেত্ৰীক ২ শতাধিক দল-সংগঠন:

আয়োজক বোকাখাত জিলা ক্ৰীড়া সন্থাৰ লগতে গোলাঘাট জিলা প্ৰশাসন, গোলাঘাট জিলা আৰক্ষী প্ৰশাসন, বোকাখাত সমজিলা প্ৰশাসন আৰু ৰাইজৰ সহযোগত আজি বোকখাতত দুই শতাধিক দল-সংগঠন, ব্যক্তিয়ে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত বিশ্ব তাৰকা উমা ছেত্ৰীক বিপুল আদৰণি জনায়। ইয়াৰ পূৰ্বে বিশ্ব তাৰকা গৰাকীক নিজ গৃহৰ পৰা পুস্প সজ্জিত বাহনেৰে বিপুল সংখ্যক গুণমুগ্ধ, দল-সংগঠনে বোকাখাত নগৰৰ মাজেৰে উমা ছেত্ৰী জিন্দাবাদ, জয় আই অসম আদি ধ্বনিৰে আকাশ-বতাহ নিনাদিত কৰি বৃহৎ সমদল উলিয়াই বোকাখাতৰ ৰাজহুৱা খেলপথাৰলৈ আদৰি আনে।

বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী, বোকাখাতৰ স্থানীয় বিধায়ক অতুল বৰাই তাৰকা গৰাকীৰ গৃহ নগৰ বোকাখাতত উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনায় বিশ্ব তাৰকা ‘অসম সৌৰভ’ উমা ছেত্ৰীক।

উল্লেখ্য যে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ বিশ্বকাপত অংশ গ্ৰহণ কৰা উত্তৰ পূৱৰ প্ৰথম গৰাকী মহিলা ক্ৰিকেটাৰ তথা মুম্বাইৰ ড° ডি ৱাই পাটিল ষ্টেডিয়ামত যোৱা ৩ নৱেম্বৰত অনুষ্ঠিত মহিলা বিশ্ব কাপ ক্ৰিকেট ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাজিত কৰি জয় লাভ কৰা ভাৰতীয় মহিলা ক্ৰিকেটৰ অন্যতম খেলুৱৈ উমা ছেত্ৰীয়ে শুকুৰবাৰে বোকাখাতৰ কান্ধুলিমাৰী গাঁৱৰ বাসগৃহত আহি উপস্থিত হয় আৰু নিজা বাসগৃহত ছেত্ৰীক শুকুৰবাৰে উষ্ম আদৰণী জনায় স্থানীয় দল সংগঠন আৰু অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই।

আজি বোকাখাতৰ ৰাজহুৱা খেলপথাৰত বোকাখাত মাষ্টাৰ্ছ এথেলেটিকচ্ সন্থা, গোলাঘাট জিলা সাহিত্য সভা, বোকাখাত জিলা টাইকোৱানডো সন্থা, অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত নাট্য মন্দিৰ, বোকাখাতৰ আটাইকেইটা সাংবাদিক সংগঠন, অসম গোৰ্খা কেন্দ্ৰীয় সমিতি, অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সমিতি, গোলাঘাট জিলা বিজেপি, অসম প্ৰদেশ বিজেপিস্প’ৰ্টচ্ চেল, কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়, বোকাখাত জে ডি এচ জি মহাবিদ্যালয়, বোকাখাত চি এন বি মহাবিদ্যালয়, বোকাখাত আঞ্চলিক ছাত্ৰ সন্থা, অসম নেপালী সাহিত্য সভা, গোলাঘাট জিলা ক্ৰীড়া সন্থা, টি এম পি কে গোলাঘাট জিলা সমিতি, বোকাখাত জিলা প্ৰাক্তন শিক্ষক সন্থা, বিজেপিৰ বোকাখাত মণ্ডল, পূৰ্বোত্তৰ প্ৰাদেশিক মাৰোৱাৰী যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতি, বোকাখাত ভোজপুৰী মহিলা সমাজ, অসম গণ পৰিষদৰ বোকাখাত মহিলা সমিতি, সদৌ অসম আহোম সভাৰ ডিব্ৰুগড় সমিতিকে আদি কৰি গোলাঘাট জিলা, বোকাখাত সমজিলাৰ লগতে কেইবাটাও ৰাজ্যিক দল-সংগঠনকে ধৰি দুই শতাধিক সামাজিক, বৌদ্ধিক, সাংস্কৃতিক, ৰাজনৈতিক, ক্ৰীড়া আদি সকলো ক্ষেত্ৰৰ দল-সংগঠন, ব্যক্তি বিশেষে বিশ্ব তাৰকা গৰাকীক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন কৰে।

অনুষ্ঠানত গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তই আদৰণী ভাষণ আগবঢ়োৱাৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী অতুল বৰাই শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। ভাষণত মন্ত্ৰী অতুল বৰাই বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল ছুটিৰ পাছত ঘৰলৈ নগৈ উমা ছেত্ৰীক আদৰিবলৈ উৎকণ্ঠাৰে ৰৈ থকাৰ কথা উল্লেখ কৰে।

অনুষ্ঠানত ধন্যবাদসূচক বক্তব্য ৰাখি উমা ছেত্ৰীয়ে ক্ৰিকেটত নিজৰ বৰ্ণিল অভিজ্ঞতা ব্যক্ত কৰি কয় যে মহিলা ক্ৰিকেট চোৱা দৰ্শকৰ সংখ্যা যিমান বুলি ভাবিছিলোঁ, তাতোকৈ অধিক। তেওঁ লগতে কয় এতিয়া ক্ৰীড়াৰ ভৱিষ্যত খুব ভাল। ল’ৰা-ছোৱালী উলাই আহক, ভালকে খেলক।

নতুন প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰি তেওঁ আৰু কয় যে ক্ৰীড়াৰ বহুত সুবিধা আছে, ভাল ভৱিষ্যত আছে। লগতে তেওঁ গোলাঘাট জিলা আৰু বোকাখাত সমজিলাৰ সমূহ আয়োজক, ব্যক্তি, দল-সংগঠনলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ছেত্ৰীয়ে অনুষ্ঠানতে তেওঁৰ দুয়ো গৰাকী প্ৰশিক্ষক ক্ৰমে ৰাজা ৰহমান আৰু মেহবুব আলমৰ আশীৰ্বাদ লৈ সম্বৰ্ধনা জনায়।

আদৰণী অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী অতুল বৰা, গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্ত, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাৰ লগতে উমা ছেত্ৰীৰ পিতৃ মাতৃ ক্ৰমে লোক বাহাদুৰ ছেত্ৰী, দীপা ছেত্ৰী আৰু প্ৰশিক্ষকদ্বয়ে আসন গ্ৰহণ কৰে। অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট সমাজকৰ্মী দেৱপ্ৰদীপ বৰা আৰু বোকাখাত জিলা ক্ৰীড়়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়াই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: 'অসম সৌৰভ' উমা ছেত্ৰীক ২ শতাধিক দল-সংগঠনগৃহ নগৰ বোকাখাতত বিশ্ব ক্ৰিকেট তাৰকাব্যক্তিৰ উষ্ম আদৰণি:
Share5Tweet3Send

Related Posts

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস
Assam

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

by News Desk
September 8, 2026
52
Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Assam

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

by News Desk
September 8, 2026
52
Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন
Assam

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

by News Desk
September 8, 2026
52
হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন
Assam

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

by News Desk
September 8, 2026
51
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by News Desk
September 7, 2026
51
জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান
Assam

জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান

by News Desk
September 7, 2026
50
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d