
ছত্তীশগড়ৰ বিলাসপুৰত যাত্ৰীবাহী ৰে’ল আৰু মালবাহী ৰে’লৰ সংঘৰ্ষত মৃত্যু হোৱা (Chattisgarh Train Accident) লোকৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰী সূত্ৰ অনুসৰি, বুধবাৰে পুৱালৈকে দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে।

ছত্তীশগড় চৰকাৰে মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। আহত হোৱাসকলকো দিয়া হ’ব ৫০ হাজাৰ টকা। মঙলবাৰে বিয়লি সংঘটিত এই দুৰ্ঘটনাত ২০ জন লোক আহত হয়।
ইয়াৰে একাংশ এতিয়াও চিকিৎসাধীন হৈ আছে। এজন ব্যক্তিৰ অৱস্থা সংকটজনক। বিলাসপুৰ জিলা দণ্ডাধীশ সঞ্জয় আগৰৱালাই জানিবলৈ দিয়া মতে, আহতসকলৰ একাংশক ছত্তীশগড় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছে।
বিলাসপুৰৰ মহাপৰিদৰ্শক সঞ্জীৱ শুক্লাই জনোৱা মতে, নিহতসকলৰ ভিতৰত চাৰিগৰাকী মহিলা আৰু চাৰিজন পুৰুষো আছে। ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। ফলত ভিতৰত আৰু কোনোবা আবদ্ধ হৈ আছে নেকি সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
উল্লেখ্য যে মঙলবাৰে বিয়লি প্ৰায় ৪ বজাত গেবৰা পথ আৰু বিলাসপুৰৰ মাজৰ লালখাদনৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। সেই সময়ত যাত্ৰীবাহী ৰে’লখন বিলাসপুৰ অভিমুখে গৈ আছিল। ৰে’লখন থকা ট্ৰেকত ইতিমধ্যে এখন মালবাহী ৰে’ল থিয় হৈ আছিল।
সেই মুহূৰ্তত পিছফালৰ পৰা স্থানীয় ৰে’লখনে আহি জোৰকৈ খুন্দা মাৰে। সংঘৰ্ষৰ প্ৰভাৱৰ বাবে যাত্ৰীবাহী ৰে’লখনৰ এটা অংশ মালবাহী ৰে’লখনৰ ওপৰেৰে ওপৰলৈ উঠি যায়। ৰে’লখনৰ ইঞ্জিনটো মোচোৰা খাই পৰে। একাংশ ডবাও ৰে’লপথৰ পৰা ওলাই যায়।
অৱশ্যে এই দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনা সন্দৰ্ভত বিতং তদন্তৰ নিৰ্দেশ দিছে ৰে’লৱেয়ে। ৰে’লৱেই এক বিবৃতিত কয় যে ৰে’লৱে সুৰক্ষা আয়ুক্ত পৰ্যায়ত তদন্ত কৰি দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰা হ’ব।










