
ৰাজস্থানত কঢ়িয়াই অনা এখন সৰু পৰ্যটন বাছে পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰেইলাৰ ট্ৰাকত খুন্দা মৰাৰ ফলত এক ভয়ানক দুৰ্ঘটনা সংঘটিত (Rajasthan Accident) হয়। দেওবাৰে নিশা সংঘটিত এই ঘটনাত কমেও ১৫ জন লোকৰ মৃত্যু হয়। সংবাদ মাধ্যম পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, নিহতসকলৰ ভিতৰত ১০ গৰাকী মহিলা আৰু চাৰিটা শিশুও আছে।

দুৰ্ঘটনাটোৰ ইমানেই ভয়ংকৰ আছিল যে মৃতদেহ উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। বাছখনৰ আসনত আবদ্ধ হৈ পৰে মহিলা আৰু শিশুৰ ছিন্ন-ভিন্ন শৰীৰ। এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই।
জানিব পৰা মতে, বাছখনৰ আটাইকেইজন যাত্ৰী যোধপুৰৰ নাইঞ্চি অঞ্চলৰ বাসিন্দা। এখন পৰ্যটন বাছ ভাড়া কৰি ২২০ কিলোমিটাৰ নিলগৰ বিকানেৰৰ কোলায়াত মন্দিৰলৈ গৈছিল। কপিল মুনিৰ আশ্ৰমত প্ৰাৰ্থনা কৰি উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।
যোধপুৰ আৰক্ষী আয়ুক্ত ওম প্ৰকাশে জনোৱা মতে, গন্তব্যস্থানৰ পৰা মাত্ৰ ৮০ কিলোমিটাৰ দূৰত্বত থকা ফালোডী অঞ্চলৰ ভাৰতমালা ঘাইপথত তীৰ্থযাত্ৰীৰ বাছখনে এক দুৰ্ঘটনা সংঘটিত কৰে। ১৫ জন লোকৰ থিতাতে মৃত্যু হয়। ইয়াৰ উপৰি গুৰুতৰভাৱে আহত দুজন লোক যোধপুৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ভাৰতমালা ঘাইপথৰ পথৰ দাঁতিত কেইবাখনো ধাবা আছে। তাৰে এখনৰ কাষত এখন ট্ৰেইলাৰ ট্ৰাক ৰখাই থোৱা আছিল। পিছফালৰ পৰা তীব্ৰ বেগেৰে বাছখন আহি আন এখন ট্ৰাকৰ কাষেৰে পাৰ হ’বলৈ চেষ্টা কৰোতে চালকে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেইলাৰখনত খুন্দা মাৰে।
দুৰ্ঘটনাটোত বাছখনৰ সন্মুখৰ অংশটো চেপেটা হৈ পৰে। তীৰ্থযাত্ৰীসকলৰ দেহ গাড়ীৰ ভিতৰতে ছিন্নভিন্ন হয়।
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। স্থানীয় বাসিন্দাসকলেও উদ্ধাৰ অভিযানত যোগদান কৰে। অৱশ্যে মৃতদেহ উদ্ধাৰ কৰি আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ বহু সময় লাগে। ফালোডী থানাৰ এজন বিষয়াই কয়, “সংঘৰ্ষৰ বাবে মৃতদেহবোৰ আসনত এনেদৰে আবদ্ধ হৈ আছিল যে আমি সেইবোৰ আঁতৰোৱাত বহুত অসুবিধা পাইছিলোঁ।”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰি লিখিছে, “ৰাজস্থানত সংঘটিত দুৰ্ঘটনাত ইমানসংখ্যক লোকৰ মৃত্যুৰ খবৰ পাই মই শোকাহত। এই কঠিন সময়ত ভুক্তভোগীসকলৰ লগত আছোঁ। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।” লগতে মৃতকৰ পৰিয়ালৰ বাবে ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে।
ৰাষ্ট্ৰপতিয়ে এই ঘটনাক “অত্যন্ত হৃদয়বিদাৰক” বুলি অভিহিত কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ৰাজস্থানৰ মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট জিলা বিষয়াসকলক প্রয়োজনীয় নির্দেশ দি আহতসকলৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ কয়৷












