ASSAM TIMES POST
ডিফুঃ হাওৰাঘাটৰ গজালিপাৰত যোৱানিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন যুৱক নিহত হয়। নিহত যুৱকজন হোজাইৰ চানু পাণিকা বুলি চিনাক্ত কৰা হৈছে । জানিব পৰা মতে, হাওৰাঘাটৰ হাতীপোৰাত থকা শহুৰৰ ঘৰলৈ আহি থকা অৱস্থাত পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত যুৱকজন গুৰুতৰভাৱে আহত হয় । হাওৰাঘাট আৰক্ষীৰ তহলদাৰী গোটে লগে লগে যুৱকজনক হাওৰাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাতে যুৱকজনৰ মৃত্যু হয়।












