ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Zubeen Garg I জুবিন গাৰ্গৰ মৃত্যুত শ্যামকানু মহন্তক দোষাৰোপ, সামাজিক মাধ্যমযোগে স্পষ্টীকৰণ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 21, 2025
Reading Time: 1 min read
A A
0
Zubeen Garg I জুবিন গাৰ্গৰ মৃত্যুত শ্যামকানু মহন্তক দোষাৰোপ, সামাজিক মাধ্যমযোগে স্পষ্টীকৰণ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

আজি চিৰনিদ্ৰাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ (Zubeen Garg)। ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যাওঁতে অকালতে মৃত্যুবৰণ কৰে জনপ্ৰিয় শিল্পীগৰাকীয়ে।

Zubeen Garg I
জুবিন গাৰ্গৰ মৃত্যুত শ্যামকানু মহন্তক দোষাৰোপ:

তাৰ পিছতে জনৰোষত পৰে এই অনুষ্ঠান আয়োজনৰ লগত জড়িত শ্যামকানু মহন্ত। ইতিমধ্যে তেওঁৰ বিৰুদ্ধে বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছে বিভিন্নজনে। অৱশ্যে জুবিনৰ দুৰ্ঘটনাৰ সৈতে তেওঁ কোনো ধৰণে জড়িত নহয় বুলি ব্যক্ত কৰিছে। কিন্তু জুবিন অনুৰাগীৰ ক্ষোভ মাৰ যোৱা নাই আৰু তেওঁক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে।

ইয়াৰ মাজতে শ্যামকানু মহন্তই আত্মপক্ষ সমৰ্পণ কৰি স্পষ্টীকৰণ দিছে।
সামাজিক মাধ্যমযোগে শ্যামকানু মহন্তই লিখিছে :

শ্ৰদ্ধেয় ৰাইজ, এই মহা শোকৰ সময়ত আজি ভীষণ পীড়া, শোক আৰু কষ্টৰে এই কথাখিনি ক’বলৈ লৈছো। জাতিটোৰ সম্পদ জুবিন গাৰ্গৰ অভাৱনীয় মৃত‍্যু সমগ্ৰ ৰাজ‍্যখনৰ বাবে এক ভয়ানক খবৰ। এই মৃত‍্যু অপূৰণীয়।

ৰাজ‍্যখনৰ হিয়াৰ আমঠু নোহোৱা হোৱাৰ খবৰটোত গোটেই ৰাজ‍্যখনেই বিধ্বস্ত হৈ আছে। জুবিনৰ খবৰটোৱে বাকৰুদ্ধ কৰি তোলাৰ লগতে হাস্পতাল ইত‍্যাদিৰ নিয়মবোৰৰ পাছত দৌৰি আছিলো। এই অভাৱনীয় মুহুৰ্তত জুবিনৰ দলটোৰ লগত থাকি, ছিংগাপুৰৰ নিয়ম নীতি মতে গুৱাহাটীলৈ পঠোৱাৰ কামত ব‍্যস্ত আছিলো। আমাৰ ফালৰ ক’বলগীয়াখিনি লিখিতভাৱে ৰাইজক জনাবলৈ লৈছো।

১)প্ৰথম অভিযোগ জুবিন গাৰ্গক আমি জোৰ কৰি ছিংগাপুৰলৈ লৈ আহিছো।
আমাৰ উত্তৰঃ আমি ২০১৩ চনত নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰোতে তেওঁৰেই উপদেশ লৈ আৰম্ভ কৰিছিলো। তেওঁ ৰাজহুৱাভাৱে বহুবাৰ কৈছে যে কানুৰ লগত মিলি মই অনুষ্ঠানটো আৰম্ভ কৰিছো। দিল্লীত এতিয়ালৈকে ১৩ বাৰৰ প্ৰত‍্যেক বছৰেই জুবিন গৈছে, মুম্বাইত কৰোতেও গৈছে, বিদেশত হওঁতেও দুবাৰকৈ গৈছে।

এনে বহু ভিডিঅ’ আছে য’ত জুবিনে সংবাদ মাধ্যমৰ আগত কৈছে যে ভৱিষ‍্যতে এই অনুষ্ঠানটো আমি বিশ্বৰ বহু ঠাইত কৰিম। এইবাৰ আমি ছিংগাপুৰত কৰিম বুলি জুবিনক কওঁতে অতি প্ৰসন্ন হৈ কৈছিল যে মই গৈ দুটামান গান গাম আৰু লগতে ভাই সন্দীপন আৰু শব্দযন্ত্ৰী শেখৰকো লৈ যাম।

আপোনালোকে জুবিনৰ পেজটো চালে দেখিব যে তেওঁ কৈছে আমি ছিংগাপুৰৰ চানটেকত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল পাতি আছো আৰু স্থানীয় ৰাইজক আহিবলৈ নিমন্ত্ৰণ কৰিছো। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ উত্তৰ-পূবৰ সকলো ৰাজ্য আহে আৰু সাংস্কৃতিক-ব্যৱসায়-বাণিজ্যৰ আদান প্ৰদান হয়। উত্তৰ-পূবৰ ৰাজ‍্যসমূহৰ সকলো আহে, সহযোগিতা কৰে। জুবিনে উত্তৰ-পূব একেলগ হৈ সহযোগিতা কৰাৰ প্ৰক্ৰিয়াটো ভাল পায় আৰু উদগণি দিব বিচাৰে।

এইবাৰ তেওঁ আমাক ক’লে যে, মোক আগতীয়াকৈ ডাইৰেক্ট ফ্লাইটত টিকেট কৰি দিবি। তালৈ গৈ মই দুদিনমান থাকিম, জিৰণি ল’ম। আমি মেনেজাৰ সিদ্ধাৰ্থৰ লগত কথা পাতি যাৱতীয় আয়োজন কৰিছিলো, ওচৰতে আছিলো। মই তেওঁক অনুৰোধ কৰিছিলো হোটেলতে জিৰণি ল’বলৈ।

জুবিনৰ অতি ঘণিষ্ঠ ছিংগাপুৰৰ অসমীয়া সমাজৰ তন্ময়ে ১৮ ছেপ্তেম্বৰ বৃহস্পতিবাৰে মোক ফোন কৰি কৈছিল যে জুবিনক তেওঁলোকে ১৯ তাৰিখে এবাৰ ফুৰাবলৈ লৈ যাব। মই কৈছিলো যে নিব নালাগে। ভাৰতীয় দূতাবাসে এই অনুষ্ঠানটোৰ নেতৃত্ব লৈছিল, জুবিন অনুষ্ঠানলৈ কালচাৰেল এম্বাচাদৰ হিচাপে আহিছে আৰু ১৯ তাৰিখে সন্ধিয়া ভাৰতীয় দূতাবাসে আয়োজন কৰা আৰম্ভণিৰ অনুষ্ঠানত জুবিন উপস্থিত থাকিব লাগিব।

পাছ দিনা অৰ্থাৎ ২০ তাৰিখে জুবিনে অনুষ্ঠান কৰাৰ কথা আছিল। ১৮ তাৰিখৰ সন্ধিয়া ছিংগাপুৰৰ অসম এছচিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰক লগ পাওঁতে মই কৈছিলো যে জুবিনক ক’লৈকো নিব নালাগে। এই কথাখিনি তালুকদাৰে কোৱা বুলি ইণ্ডিয়া টুডে নৰ্থ ইষ্টতো কালি প্ৰকাশ পাইছে।

২)দ্বিতীয় অভিযোগ, এই ঘটনা হওঁতে মই কিয় বচাব নোৱাৰিলো।
আমাৰ উত্তৰঃ ১৯ ছেপ্টেম্বৰ তাৰিখে দিনত আমাৰ অনুষ্ঠান আৰম্ভ হৈছিল, ৰাতিপুৱাই আমি থকা ঠাইৰ পৰা দূৰৈত চাংগ্ৰিলা হোটেলত আয়োজন কৰা অনুষ্ঠানত ছিংগাপুৰৰ জ্যেষ্ঠ প্ৰতিনিধিসকলৰ লগত উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ নেতৃত্ব আৰু উদ্যমী সকলৰ বৈঠক আছিল। ছিংগাপুৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূতো আমাৰ লগত অনুষ্ঠানত উপস্থিত আছিল। মোৰ লগতে সমগ্ৰ দলটো অনুষ্ঠানৰ আয়োজনত ব্যস্ত আছিল।

জুবিন গাৰ্গ যে ছিংগাপুৰৰ অসমীয়া সমাজৰ সৈতে ফুৰিবলৈ গ’ল সেই কথাখিনি আমি কোনেও জনা নাছিলো, গম পোৱা হ’লে নিশ্চয় বাধা দিলোহেঁতেন। কাৰন আমি বৈঠকলৈ বুলি ওলাই যাওঁতে জুবিন শুই আছিল। বৈঠক চলি থাকোতে কিছু সময়ৰ পাছত সিদ্ধাৰ্থৰ মেচেজ পাওঁ যে জুবিনৰ ডাঙৰ এক্সিডেণ্ট হৈছে। লগে লগে ভাৰতীয় দূতাবাসৰ উচ্চ পদস্থ বিষযাক অৱগত কৰো আৰু আমি হাস্পটাললৈ ঢাপলি মেলো।

সেই সময়ত সংবাদ মাধ‍্যমৰ মোলৈ ফোন আহিছিল, ক’ত হৈছে বা কেনেকৈ হৈছে একো ভালদৰে গম পোৱা নাছিলো কাৰন মেডিকেল ইমাৰজেন্সিত সকলো ব‍্যস্ত আছিল আৰু জাহাজত যোৱা লোকসকলক পুলিচে আটক কৰিছিল। ভাৰতীয় সময়মতে আবেলি ২.৪৪ বজাত ছিংগাপুৰৰ সময় অনুসৰি সন্ধিয়া ৫ বাজি ১৪ মিনিটত দুৰ্ভাগ্যজনক খবৰটো ডাক্তৰে ঘোষণা কৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় দূতাবাসৰ সৈতে নিয়মিত যোগাযোগত আছিল।

অসমৰ এই অমূল্য সম্পদভাগি আমাৰ মাজত আৰু নাই এই ঘটনাৰ পাছত চৌদিশে অন্ধকাৰ দেখিছিলো। অলপ সম্বিৎ ঘূৰাই পোৱাৰ পাছত অনুষ্ঠান বাতিল কৰা সমন্বিতে যাৱতীয় কামবোৰ কৰিবলগীয়া হৈছিল।

পাছতহে গম পালো যে জাহাজখন ছিংগাপুৰৰ অসমীয়া সমাজৰ তৰফৰ পৰা জুবিনৰ অতি ঘণিষ্ঠ বন্ধু তন্ময়ে বুক কৰিছিল।

জুবিন ছিংগাপুৰত উপস্থিত হোৱাৰ পাছতো তন্ময়ে দলটোক ছিংগাপুৰ ফুৰাইছিল। সেইদিনা জাহাজখনত ছিংগাপুৰৰ অসমীয়া সমাজৰ প্ৰায় ১২ জন লোক আছিল। জুবিনৰ সংগী আছিল তেওঁৰ অতি মৰমৰ, খুড়াকৰ পুত্ৰ সন্দীপন গাৰ্গ আৰু মেনেজাৰ সিদ্ধাৰ্থ আৰু শেখৰ। ‍জাহাজখনত কিছুদুৰ গৈ তেওঁলোক সকলোৱে সাতুঁৰি আছিল। দলটোৱে জনোৱা মতে জুবিনে ভালদৰে সাঁতুৰিব জানে আৰু আৰু সাতুঁৰি থাকোতেই ঘটনাটো ঘটে।

সন্দীপন অসম পুলিচৰ এজন ডিএচপি আৰু তেওঁ জনোৱামতে বন্দৰৰ গাৰ্ডে তৎক্ষণাত জাহাজখনৰ পৰা হাস্পটাললৈ লৈ যায় আৰু গোটেই ৰাষ্টাত সন্দীপন আৰু গাৰ্ডে চিপিআৰ দি জুবিনৰ উশাহ ঘূৰাই অনাৰ আপ্ৰাণ চেষ্টা কৰে। ছিংগাপুৰৰ হাস্পটালৈ লৈ যোৱাৰ পাছত ডাক্তৰে আপ্ৰাণ চেষ্টা কৰিও তেওঁক বচাব নোৱাৰিলে। ভয়ানক ঘটনাটো ঘটিল।

ঘটনাটোৰ পাছত জুবিনৰ দলটোৰ লগতে আমাৰ সকলোৰে মানসিক অৱস্থা আছিল অবৰ্ণনীয়। সেই সময়ত তেওঁলোকৰ লগত একেৰাহে থাকি সহযোগ কৰি বা যাৱতীয় হাস্পটাল বা পাছত মৰ্গলৈ গৈ আমি ভাৰতীয় দূতাবাসৰ লগত সহযোগ কৰাৰ প্ৰয়াস কৰো। গোটেই ঘটনাটোত স্বাভাৱিকভাৱে ৰাইজ ক্ৰোধিত হৈছে, মোৰ ওপৰত খং উজাৰিছে।

জুবিন আমাৰ বাবে ফ্ৰেণ্ড, ফিলছফাৰ, গাইড। আমাৰ অনুষ্ঠান কি কেনেদৰে কৰিম তেওঁৰ লগত আলোচনা কৰিহে তাৰিখ নিৰ্ধাৰণ কৰা হয়। আমি জুবিনৰ উপদেশমতে আগুৱাই যাওঁ। অসংখ্য ভিডিঅ’ত জুবিনে কৈছে যে অনুষ্ঠানবোৰ শ্যামকানু আৰু মই একেলগে পাতিছো। এনেকুৱা এজন মানুহৰ মৃত্যু মোৰ বাবে আপোন সত্ত্বাৰ মৃত্যু। মই মানসিকভাৱো বিধ্বস্ত, বহুতে ফোন কৰিছে ফোন ধৰাৰ অৱস্থাত নাছিলো।

আমাৰ অনুষ্ঠান সমূহত অসমৰ ভাল কথাখিনি নিবলৈ প্ৰয়াস কৰো। চাহ, অগৰ, পৰ্যটন, মুগা, বিহু, সত্ৰীয়া, জনগোষ্ঠীয় সংস্কৃতি, কৃষিজাত সামগ্ৰী আমি অনাৰ চেষ্টা কৰো। অসমৰ সম্পদ, সংস্কৃতিজগতৰ মহীৰূহ জুবিন আমাৰ ব্ৰাণ্ড এম্বাচাদৰ। ভাৰতৰেই এক বৃহৎ অনুষ্ঠানটোত জুবিন থকাটো স্বাভাৱিক। ভৱিষ‍্যতেও বিশ্বৰ যিকোনো প্ৰান্তত আমাৰ অনুষ্ঠান হ’লেও জুবিন গলহেঁতেন।

তেওঁক নিনিও বা নাহিবি বা আহিবই লাগিব বুলি ক’বলৈ মোৰ সাহস নাই। ছিংগাপুৰত লগ পাই জুবিনক দলটোৰ সন্মুখত কৈছিলো হোটেলতে থাকি জিৰণি লবি। তেওঁৰ লগত কিয় লাগি থকা নাছিলো বুলি মোক সকলোৱে জবাবদিহি কৰিছে। আমাৰ অনুষ্ঠানৰ বাবে আমাৰ লগত উত্তৰ-পূবৰ পৰা বৃহৎ দল আহিছে।

আমি দলবোৰ অনা-নিয়া বা ৰখা, প্ৰদৰ্শনী নিৰ্মাণ ইত‍্যাদি অনুষ্ঠান আয়োজনত ব‍্যস্ত আছিলো। আগতেও জুবিন আহে, আমি একেৰাহে লাগি নাথাকো। বিশেষকৈ বিদেশত অচিনাকি ঠাইত বাকী আয়োজন কৰাটো বৃহৎ প্ৰত্যাহ্বান। আগতেও স্থানীয় অসমীয়া সমাজে জুবিনক সহযোগিতা কৰে।

এইবাৰো অসম এচছিয়েছনে জুবিনক বিমান বন্দৰত আদৰণি জনাই লৈ আনিছিল। ১৭ তাৰিখে সন্ধিয়া ছিংগাপুৰলৈ আহি অতি উৎসাহী হৈ আছিল জুবিন। ২০ তাৰিখে আমাৰ অনুষ্ঠানত ভূপেনদাৰ প্ৰতি কেনেকৈ শ্ৰদ্ধাঞ্জলি দিব পাৰি আমি দুয়ো মিলি বহু আলোচনা কৰিছিল।

ভূপেন দাৰ এশ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি এটা ভিডিঅ’ কৰিছিলো। পাছফালে ভিডিঅ’টো চলিব আৰু ‘অসম আমাৰ ৰূপহী গুণৰো নাই শেষ’ গীতটোৰে আমি লৈ যোৱা অসমীয়া দলটোৱে এটা নৃত্য প্ৰদৰ্শন কৰিব। ছিংগাপুৰত থকা বিভিন্ন ৰাষ্ট্ৰদূত, মন্ত্ৰী, উদ‍্যোগপতি থকা অনুষ্ঠানত সঞ্জীৱ নাৰায়নে প্ৰকাশ কৰা ভূপেনদাৰ কিতাপখন উন্মোচন কৰাৰ কথা আছিল।

‘নিয়ৰৰ ফুল’ গীতটো গীটাৰ লৈ গাব বুলি জুবিনে নিজেই পৰিকল্পনা কৰিছিল। নিয়তিয়ে এইখিনি হ’বলৈ নিদিলে॥ সত্যখিনি এয়াই। আমাৰ ওপৰত সম্পুৰ্ণ তদন্ত হওঁক, আমাৰ লুকুৱাবলৈ একো নাই। উপৰুক্ত সকলো কথা তথা তথ‍্য, সত‍্যৰ ওপৰত প্ৰতিস্থিত। আৰক্ষীয়ে কৰা সকলো তদন্তত আমি সম্পূৰ্ণ সহযোগিতা কৰিম।

মোৰ অতি মৰমৰ ভগ্নীসদৃশ গৰিমাই জুবিনক আৱৰি ৰাখিছিল। এইটো গৰিমাৰেই নহয় সমগ্ৰ দেশখনৰ বাবে বৃহৎ ক্ষতি। গোটেই দলটো শোকত বিধ্বস্ত হৈছে, অসমীয়া ৰাইজ বিধ্বস্ত, এই সময়ত সমবেদনাৰ ভাষা নাই। সমগ্ৰ ৰাইজৰ লগত আমি এই বেজাৰৰ সমভাগী, সকলো ৰাইজলৈ সেৱা আৰু ক্ষমা প্ৰাৰ্থনা কৰিলো
শ্ৰদ্ধাৰে,
শ‍্যামকানু মহন্ত

Tags: জুবিন গাৰ্গৰ মৃত্যুতশ্যামকানু মহন্তক দোষাৰোপসামাজিক মাধ্যমযোগে স্পষ্টীকৰণ
Share4Tweet3Send

Related Posts

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
ADVERTISEMENT
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

June 11, 2026
50
Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১
National-International

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

June 11, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

June 11, 2026
50
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

June 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

June 11, 2026
Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

June 11, 2026
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx