ASSAM TIMES POST
ডিফুঃ সমগ্ৰ দেশত ‘কা’ৰ বিৰুদ্ধে চলি থকা আন্দোলনক অৰ্থহীন আখ্যা দি ‘কা’ৰ বিৰুদ্ধে অব্যাহত থকা আন্দোলন প্ৰক্ৰিয়াক তীব্ৰ ভাষাত নিন্দা কৰি আইন খনৰ সপক্ষে প্ৰস্তাব গ্ৰহণ কৰা হয় আজি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ সভা কক্ষত অনুষ্ঠিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম ৰাজ্যিক সমিতিৰ ২৫ সংখ্যক ৰাজ্যিক অধিবেশনত ৷ অসমৰ একাংশ সংগঠন আৰু ব্যক্তয়ে অপ প্ৰচাৰ অপব্যাখ্যাৰ জৰিয়তে ৰাইজক বিপথে পৰিচালিত কৰা বুলি অধিবেশনত চৰ্চা লাভ কৰে ৷ ইপিনে আজি ৰুৱাৰ ভাগত অসমৰ বিভিন্ন জিলাৰ পৰা এবিভিপিৰ নেতা সদস্য সকলে ডিফুৰ অধিবেশন স্থলীত সমবেত হোৱাৰ পিছত ‘ বন্দে মাতৰম’ গীত পৰিবেশনেৰে এবিপিৰ ৰাজ্যিক পতাকা উত্তোলন কৰা হয় ৷ দিনযোৰা কাৰ্যসূচীৰে চলা অধিবেশন খনত কেইবাটাও সভাৰ মাজত অতিক্ৰম কৰে ৷ অধিবেশনত এবিভিপিৰ পুৰণি ৰাজ্যক সমিতিখন ভংগ কৰি নতুন ৰাজ্যিক সমিতি গঠন কৰে ৷

নৱ গঠিত সমিতি খনৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় ক্ৰমে, শৈলেন গগৈ আৰু ৰাকেশ দাসক ৷ মুকলি সভাত নৱ নিযুক্ত সাধাৰণ সম্পাদক ৰাকেশ দাসে ভাষণ প্ৰসংগত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত সম্পন্ন হোৱা বড়ো শান্তি চুক্তিক সমৰ্থন জনোৱাৰ লগতে দুয়োখন চৰকাৰৰ লগতে বড়ো সকলক অভিনন্দন জনায়৷ বড়ো শান্তি চুক্তিৰ বাবে উগ্ৰপন্থী সংগঠনৰ বহু সহস্ৰ যুৱক অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ ঘূৰি অহাটো অসমৰ বাবে এক শুভ বাৰ্তা বুলি কয় ৷ নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই এই আইনৰ বিৰোধিতা কৰা সকলৰ স্থিতিক নিন্দা কৰাৰ লগতে এনে আন্দোলনে অসমৰ উন্নয়ণলৈ স্থবিৰতা আনিব বুলি কয় ৷ আন্দেলনকাৰী সকলে আইনখনৰ প্ৰকৃত উদ্দেশ্যৰ পৰা ফালৰি কাটি নি ৰাইজক বিপথে পৰিচালিত কৰাৰ অভিসন্দি ৰচিছে বুলি অভিযোগ কৰে ৷
আনহাতে ১৯৫১ চনৰ ভিত্তিত আসোঁৱাহমুক্ত নাগৰিকপঞ্জীয়ে অসম তথা ভাৰতৰ বৃহৎ অনুপ্ৰৱেশকাৰীৰ সমস্যাৰ সমাধান কৰিব বুলি স্পষ্ট মত দাঙি ধৰি সাধাৰণ সম্পাদক গৰাকীয়ে ১৯৫১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ অসমকে ধৰি সমগ্ৰ দেশত নিখুঁত নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে ৷ আনহাতে আগবেলাৰ অধিবেশন খন কাৰবি লাম্মেত আমেইৰ সভাপতি সিদ্ধিনাথ ৰংপিয়ে উদ্ধোধন কৰি দিয়া ভাষণত কয় যে, এবিভিপিৰ উক্ত সভাখনলৈ তেওঁক মাতি সম্মান দিয়া কাৰ্য কাৰবি জাতিকো সম্মান প্ৰদান কৰা বুজাইছে ৷ মুখ্য বক্তা হিচাপে উপস্থিত থকা এবিভিপিৰ ৰাষ্ট্ৰীয় সম্পাদক নয়নজ্যোতি শৰ্মাই কয়যে এবিভিপি ভাৰতৰ লগতে বৰ্তমান সমগ্ৰ অসমৰ সৰ্ব বৃহৎ ছাত্ৰ সংগঠন ৷
এই সংগঠনে সমগ্ৰ অসমৰ বিকাশত অৰিহণা যোগাব ৷ এবিভিপিৰ অধিবেশনত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে, অমৰছিং তিছ’, মঙলছিং তিমুঙ, এমএচি পৱন কুমাৰ বিধায়ক নোমল ম’মিন, প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেঙ, এবিভিপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক নিৰৱ ঘেলানী আৰু প্ৰচাৰ বিভাগৰ দায়িত্বত থকা বিশ্বজিত খাউণ্ড উপস্থিত থাকে ৷












