ASSAM TIMES POST
ডিফুঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি কাৰবি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষৰ উদ্যোগত ডিফু ন্যায়িক আদালত চৌহদত লোক আদালতৰ জৰিয়তে শণিবাৰে একাধিক গোছৰৰ নিষ্পত্তি কৰা হয়৷
লোক আদালতৰ জৰিয়তে মুঠ ৬৫০ টা প্ৰাক ফৌজদাৰী গোছৰ, ৯৪ টা অপৰাধ মুলক গোছৰ আৰু অনান্য অসামৰিক আৰু এমএএচিটি গোছৰ নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হৈছে ৷ লোক আদালতত বেংক অব ইণ্ডিয়া, অসম গ্ৰামীণ বিকাশ বেংক, এপিডিচিএল, বিএছএনএলৰ বিষয়া- কৰ্মী আৰু সকলো শ্ৰেণীৰ লোকৰ লগতে অধিবক্তা সকলেও লোক আদালতত অংশ গ্ৰহণ কৰে৷
উক্ত লোক আদালতৰ জৰিয়তে ১৪ টা গোছৰ নিষ্পত্তি কৰা হয়৷ জিলা আইন সেৱাৰ জৰিয়তে গ্ৰহণ কৰা এনে লোক আদালতে সমাজৰ দূৰ্বল আৰু আৱশ্যক সন্ধানী সকল উপকৃত হৈছে বুলি সচেতন মহলে চৰ্চা কৰিছে ৷উল্লেখ যোগ্য যে, ২০১৮ চনৰ ৬ জুনত জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষ গঠন কৰা হৈছিল ৷ চৰকাৰে ডিএলএছএৰ সম্পাদকৰ পদ ২০১৯ বৰ্ষৰ ১৯ আগষ্টত সৃষ্টি কৰিছিল৷ সেই অনুসৰি ২০২০ বৰ্ষৰ ৩০ জানুৱাৰীত প্ৰথম বাৰৰ বাবে এন আহমেদে সম্পাদক হিছাপে যোগদান কৰে৷













