
বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Modi Birthday) ৭৫ সংখ্যক জন্মদিন। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মোদীক ফোন কৰি জন্মদিনৰ শুভেচ্ছা জনায়। ট্ৰাম্পে মঙলবাৰে নিশা (ভাৰতৰ সময় অনুসৰি) মোদীক ফোন কৰে। এই কথা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

জন্মদিনৰ আগনিশা শুভেচ্ছা গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে ট্ৰাম্পক তেওঁৰ ছ’চিয়েল মিডিয়াত ধন্যবাদ জ্ঞাপন কৰি লিখিছে, “৭৫ সংখ্যক জন্মদিনৰ শুভেচ্ছাৰ বাবে বহুত বহুত ধন্যবাদ বন্ধু।” তেওঁ লগতে কয়, “আপোনাৰ দৰে ময়ো ভাৰত-আমেৰিকাৰ সম্পৰ্ক আৰু বিশ্ব অংশীদাৰিত্বক এক সম্পূৰ্ণ নতুন স্তৰলৈ লৈ যাব বিচাৰো।” তেওঁ লগতে লিখিছে, “আমি ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে আপোনাৰ পদক্ষেপক সমৰ্থন কৰোঁ।”
উল্লেখযোগ্য যে ১৭ জুনৰ পিছত ট্ৰাম্প আৰু মোদীয়ে প্ৰথমবাৰৰ বাবে ফোনযোগে কথা পাতিছে। বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, যোৱা কেইসপ্তাহমানৰ ভিতৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কমেও চাৰিবাৰকৈ মোদীক ফোন কৰিছে।
কিন্তু মোদীয়ে ফোন ধৰা নাছিল। তেওঁ ট্ৰাম্পৰ সৈতে কথা পতা নাছিল। কিন্তু আমেৰিকা আৰু ভাৰতৰ মাজত বাণিজ্যিক সম্পৰ্কত অচলাৱস্থা সৃষ্টিৰ মাজতে মোদীৰ জন্মদিন উপলক্ষে ট্ৰাম্পে জনোৱা আহ্বানক কিছু পৰিমাণে ‘ইতিবাচক’ বুলি চৰ্চা চলিছে।










