
বি আৰ এছৰ মুৰব্বী তথা তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ (কে চি আৰ নামেৰে পৰিচিত) কন্যা কবিতাই হৰিশ ৰাও আৰু আন দুজন দলৰ নেতাক ৰাজহুৱাভাৱে আক্ৰমণ কৰাৰ অপৰাধত মঙলবাৰে বি আৰ এছ দলৰ (ভাৰত ৰাষ্ট্ৰ সমিতি) পৰা নিলম্বন কৰা হয়।

বি আৰ এছৰ মুৰব্বী তথা তেলেংগানাৰ প্ৰাক্তন ইয়াৰ পিছতে মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কবিতাই বুধবাৰে দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।
বুধবাৰে কবিতাই তেলেংগানা বিধান পৰিষদৰ পৰাও পদত্যাগ কৰে। আনহাতে, তেওঁ ৰাজ্যত শাসকীয় কংগ্ৰেছ দলত যোগদান কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। কেইবাদিনো ধৰি কবিতাৰ সৈতে পৰিয়ালৰ সংঘাত চলি আছে।
পিতৃ চন্দ্ৰশেখৰৰ বিষয়ে তেওঁ কৈছিল, “তেওঁ এজন দেৱতা। কিন্তু তেওঁক চয়তানে আগুৰি আছে।” কবিতাই সেই চয়তানসকলৰ তালিকাত নিজৰ জ্যেষ্ঠ ভাতৃ আৰু বি আৰ এছৰ কাৰ্যবাহী সভাপতি কে টি ৰামা ৰাওকো অন্তৰ্ভুক্ত কৰিছিল।
বুধবাৰে সংবাদমেলত দল আৰু বিধান পৰিষদৰ পৰা পদত্যাগ ঘোষণা কৰাৰ সময়ত কবিতাই দোষাৰোপ কৰে তেওঁৰ দুই খুড়াকৰ ল’ৰা হৰিশ আৰু সন্তোষক। প্ৰথমজন তেলেংগানাৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা বিধায়ক। দ্বিতীয়জন ৰাজ্যসভাৰ সাংসদ।
তেওঁ অভিযোগ কৰে, “দুয়োজনে নিজৰ স্বাৰ্থৰ বাবে পৰিয়ালটো ভাঙি পেলাইছিল।” অৱশ্যে কবিতাই তেওঁৰ পৰৱৰ্তী ৰাজনৈতিক পৰিকল্পনাৰ বিষয়েও কিছু কথা প্ৰকাশ কৰে। ২০২৪ চনত দিল্লীত সুৰাৰ অনুজ্ঞাপত্ৰ বিতৰণৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কবিতাই কেইবামাহো কাৰাগাৰত কটাবলগীয়া হৈছিল। অৱশ্যে তাৰ পিছত পুনৰ ৰাজনীতিলৈ ঘূৰি আহে।










