
ভাৰত চৰকাৰে দেশৰ স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব। ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাই ২৫ শতাংশ শুল্ক আৰোপ (US Tariff) কৰাৰ পিছত এইবাৰ নতুন দিল্লীয়ে মুখ খুলিলে। ভাৰতীয় বাণিজ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ভাৰত চৰকাৰে এই শুল্কৰ প্ৰভাৱৰ পৰীক্ষা কৰি আছে।

বাণিজ্য মন্ত্ৰালয়ে বিবৃতিটোত কয়, “দ্বিপাক্ষিক বাণিজ্য সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দিয়া মন্তব্য চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। চৰকাৰে ইয়াৰ প্ৰভাৱ পৰীক্ষা কৰি আছে। ভাৰত আৰু আমেৰিকাই যোৱা কেইমাহমানৰ পৰা এক ন্যায্য, সুষম আৰু পাৰস্পৰিকভাৱে লাভজনক দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ বাবে আলোচনা কৰি আহিছে।
আমি সেই লক্ষ্যত প্ৰতিশ্ৰুতিবদ্ধ।” বিবৃতিটোত কৃষক, উদ্যোগী আৰু ক্ষুদ্ৰ, কুটিৰ আৰু মজলীয়া উদ্যোগৰ সৈতে জড়িতসকলৰ স্বাৰ্থ সুৰক্ষা আৰু তেওঁলোকৰ উন্নয়নক সৰ্বোচ্চ গুৰুত্ব দিয়া হৈছে বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে।
বিবৃতিটোত কেন্দ্রই এই কথাও স্পষ্ট কৰি দিছে যে ভাৰত চৰকাৰে দেশৰ স্বার্থ ৰক্ষাৰ বাবে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিব৷ উদাহৰণ হিচাপে কেন্দ্ৰই ব্ৰিটেইনৰ সৈতে শেহতীয়াকৈ ভাৰতৰ মুক্ত বাণিজ্য চুক্তিৰ কথাও উল্লেখ কৰে। যোৱা সপ্তাহত ব্ৰিটেইনৰ সৈতে ভাৰতে চুক্তি স্বাক্ষৰ কৰিছে। সেই চুক্তিৰ ফলস্বৰূপে ভাৰত আৰু ব্ৰিটেইন দুয়োখনেই বিভিন্ন ক্ষেত্ৰত লাভৱান হ’ব।
উল্লেখযোগ্য যে বুধবাৰে বিয়লি (ভাৰতীয় সময় অনুসৰি) আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। এই সন্দৰ্ভত তেওঁ ছ’চিয়েল মিডিয়া পেজ ‘ট্ৰুথ ছ’চিয়েল’ত পোষ্ট কৰে।
তাত ট্ৰাম্পে ভাৰতক ‘বন্ধুত্বপূৰ্ণ দেশ’ বুলি উল্লেখ কৰে যদিও নতুন দিল্লীয়ে উচ্চ শুল্ক লোৱাৰ অভিযোগ উত্থাপন কৰে। অৱশ্যে তেওঁৰ এই অভিযোগ নতুন নহয়। ইয়াৰ পূৰ্বেও ভাৰত-আমেৰিকাৰ বাণিজ্যৰ প্ৰেক্ষাপটত তেওঁ এই মন্তব্য বাৰে বাৰে কৰিছে।
অৱশ্যে এইবাৰ ট্ৰাম্পে ৰাছিয়াৰ সৈতে ভাৰতৰ বাণিজ্যক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে।
মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ছ’চিয়েল মিডিয়াতো উল্লেখ কৰে যে ভাৰতে ৰাছিয়াৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু ইন্ধন ক্ৰয় কৰিছে। ট্ৰাম্পে লগতে ঘোষণা কৰে যে ৰাছিয়াৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্কৰ বাবে নতুন দিল্লীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব, লগতে জৰিমনাও আৰোপ কৰা হ’ব। অৱশ্যে ট্ৰাম্পে ছ’চিয়েল মিডিয়াত দিয়া পোষ্টত এই শাস্তি কি হ’ব পাৰে সেই কথা স্পষ্ট কৰা নাই।
উল্লেখযোগ্য যে কেইসপ্তাহমানৰ আগতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে সকীয়াই দিছিল যে যদিহে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ বন্ধ নকৰে তেন্তে মস্কোৰ সৈতে ব্যৱসায় কৰা দেশসমূহৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিব।












