
এজন যুৱকে দীৰ্ঘদিন ধৰি পুৰীৰ জগন্নাথ মন্দিৰত ঘূৰি ফুৰাত সন্দেহৰ সৃষ্টি হয়। তেওঁক গ্ৰেপ্তাৰ কৰি জেৰা কৰাত আচল ৰহস্যটো ওলাই পৰে। যুৱকজনৰ চশমাৰ ফাঁকত আবদ্ধ হৈ আছিল ‘স্পাই’ কেমেৰা। তাৰ জৰিয়তে পুৰীৰ জগন্নাথ মন্দিৰৰ (Puri Jagannath Mandir) ভিতৰৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ অভিযোগ।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, মঙলবাৰে যুৱকজনক উদ্দেশ্যহীনভাৱে জগন্নাথ মন্দিৰৰ ভিতৰত বিচৰণ কৰি থকা দেখি নিৰাপত্তাৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি তেওঁক আটক কৰে। আৰক্ষীক খবৰ দিয়া হয়। জানিব পৰা মতে, যুৱকজনৰ নাম অভসিত কৰ। তেওঁ ভুৱনেশ্বৰৰ বাসিন্দা।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অভসিতে পিন্ধা চশমাযোৰ আছিল ‘ৰে-ৱান মেটা ৱেফাৰ’। চশমাৰ ওপৰৰ চুকত এটা কেমেৰা সংলগ্ন কৰা হৈছে। সেই কেমেৰাৰ পৰা লোৱা ছবিবোৰ পোনপটীয়াকৈ ফোনটোৰ সৈতে সংযুক্ত হৈ থাকে। প্ৰয়োজন হ’লে চশমাযোৰেৰে পোনপটীয়াকৈ ছ’চিয়েল মিডিয়াত ‘লাইভ’ কৰিবও পাৰিব।
এই সন্দৰ্ভত পুৰীৰ আৰক্ষী অধীক্ষক সুশীল মিশ্ৰই কয়, “আমি গম পাইছোঁ যে এজন যুৱকে চশমাত লুকুৱাই ৰখা কেমেৰা ব্যৱহাৰ কৰি মন্দিৰৰ ভিতৰত ভিডিঅ’ বনাবলৈ চেষ্টা কৰিছিল। আমি সেই চশমা জব্দ কৰিছোঁ।”
যুৱকজনে কিয় এই ভিডিঅ’ বনাইছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কেৱল ধেমালিৰ বাবে নে ব্যক্তিগত সংগ্ৰহৰ বাবে আছিল নে ইয়াৰ আঁৰত কোনো ষড়যন্ত্ৰ আছে সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
উল্লেখ্য যে জগন্নাথ মন্দিৰৰ ভিতৰত ফটো তোলা নিষিদ্ধ। প্ৰৱেশদ্বাৰত এখন ডাঙৰ ব’ৰ্ডত এই বিষয়ে সতৰ্ক কৰি দিয়া আছে। কেৱল সেয়াই নহয়, পুৰীৰ মন্দিৰৰ ভিতৰত মোবাইল ফোন নিয়াটোতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।












