বকলীয়াঘাটত জননায়ক ছেমছন ছিং ইংতিৰ নতুন প্রতিমূর্তি উন্মোচন
কৰিব অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন মন্রী ছুম ৰংহাঙে
ASSAM TIMES POST
জয়ছিং টকবি
কাৰবি জাতীয়তাবাদৰ মহানায়ক, স্বপ্নদ্ৰষ্টা কাৰবি আংলং জিলা প্ৰতিষ্ঠাৰ খনিকৰ জননায়ক ছেমছন ছিং ইংতিৰ ১১০ সংখ্যক জন্ম জয়ন্তী কাইলৈ ৮ ফেব্ৰুৱাৰীত কাৰবি আংলঙৰ বিভিন্ন সামাজিক সাংস্কৃতিক, ছাত্ৰ আৰু যুৱ সংগঠনৰ উদ্যোগত উদযাপন কৰা হব বুলি জানিব পৰা গৈছে।
কাৰবি লাম্মেত আমেই, কাৰবি আংলং গাওঁবুঢ়া সন্থা, ইউনাইটেড কাৰবি ছাত্ৰ সন্থা, কাৰবি ছাত্ৰ-যুৱ সন্থা, পূৰ্বাঞ্চল তাই সাহিত্য সভা (কাৰবি আংলং জিলা সমিতি)য়ে পাহাৰীয়া জিলাখনৰ ভিন ভিন ঠাইত উদযাপন কৰিব বুলি জানিব পৰা গৈছে।
একেদৰে বকলীয়াঘাটত ইউনাইটেড কাৰবি ক্লাব, আঞ্চলিক যুৱক সংঘ, বকলীয়া শাখাৰ কাৰবি লাম্মেত আমেই, অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, কাৰবি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, লাংফেৰ যুৱক যুৱতী সংঘৰ উমৈহতীয়া প্ৰচেষ্টাত বিগত বছৰৰ বোৰৰ দৰে উদযাপন কৰিব। বকলীয়াস্থিত ছেমছন ছিং ইংতি সোঁৱৰণী উদ্যানত পাৰ্বত্য উন্নয়ন মন্রী ছুম ৰংহাঙৰ তৎপৰতাত অসম চৰকাৰৰ বিধায়ক এলাকা উন্নয়ন পূজিৰ আনটাইড ফাণ্ডৰ যোগেদি জিলা প্ৰশাসনৰ তত্বাৱধানত আৰু কাৰবি আংলং জিলা গড়কাপ্তানি (গৃহ) বিভাগৰ দ্বাৰা নিৰ্মিত ছেমছন ছিং ইংতিৰ নৱ নিৰ্মিত প্রতিমূর্তি উন্মোচন কৰিব মন্রী গৰাকীয়ে।
পূৱা ১১.০০ বজাত ছেমছন ছিং ইংতিৰ নৱ নিৰ্মিত প্রতিমূর্তি উন্মোচন অনুষ্ঠানত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু তেওঁৰ সতীৰ্থ কেইবা গৰাকী কাৰ্যবাহী সদস্য সকলৰ ওপৰিও কাৰবি আংলং জিলাৰ উপায়ুক্ত মুকুল কুমাৰ শইকীয়াইয়োা অংশ গ্ৰহণ কৰিব। ইয়াৰ পাছত ছেমছন ছিং ইংতিৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলী অর্পণ কৰিব। ১১.৩০ বজাৰ পৰা বকলীয়া মিউনিচিপাল বোৰ্ডৰ প্রক্ষাগৃহত ছেমছন ছিং ইংতিয়ে কাৰবি জাতিটোৰ লগতে কাৰবি আংলঙৰ বিভিন্ন জাতি -জনগোষ্ঠীলৈ আগবঢ়াই থৈ যোৱা মহান অৱদান আৰু তেওঁৰ বিশাল কৰ্মৰাজিৰ ওপৰত অতিথি সকলৰ দ্বাৰা বক্তৃতা কৰিব।
কাৰবি লাম্মেত আমেইৰ বকলীয়া শাখা, ৰিচ’হিদি শাখা, অসম সাহিত্য সভাৰ বকলীয়া আঞ্চলিক শাখা, ৰজাপথাৰ আঞ্চলিক শাখা, ইউনাইটেড কাৰবি ক্লাব, আঞ্চলিক যুৱক সংঘ, সদৌ অসম ছাত্ৰ সন্থাৰ বকলীয়া আঞ্চলিক শাখা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বকলীয়া আঞ্চলিক শাখা, লাংফেৰ ৰিছ’ নিমছ’ আতেৰাং আদি অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া সকলে অংশ গ্ৰহণ কৰিব।













