
ডিফুত কাধাছকমৰ নেতৃবৰ্গই এক সংবাদমেলৰ জৰিয়তে স্বায়ত্তৰাজ্যৰ(Autonomous State) দাবীত যন্তৰ-মন্তৰত ধৰ্ণাৰ কথা সদৰি কৰে ৷কাধাছকমৰ সভাপতি অজিত তিমুঙে সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে ৷

কাৰ্বি আংলং আৰু ডিমা হাছাওক সামৰি সুদীৰ্ঘ ৪০ বছৰৰ পৰা ভাৰতীয় সংবিধানৰ অনুশ্ছেদ ২৪৪ (ক) অনুসৰি এখন স্বায়ত্তৰাজ্যৰ দাবীত আন্দোলন চলাই আহিছে দল-সংগঠনে ৷
অসমৰ ভিতৰতে এখন স্বায়ত্ত ৰাজ্যৰ বাবে কেন্দ্ৰত অধিষ্ঠিত সকলো চৰকাৰে অনুনয় বিনয় কৰি আহিছে কাধাছকমে, যদিও কোনোৱে স্বায়ত্তৰাজ্য প্ৰদান নকৰিলে বুলি ক্ষোভ উজাৰে অজিত তিমুঙে ৷
কোনো জাতি-জনগোষ্ঠীক খেদিবলৈ স্বায়ত্তৰাজ্য নহয়, সকলোৱে সমিল-মিলে থাকিবলৈ লাগে স্বায়ত্তৰাজ্য ৷কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ভৌগলিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি স্বায়ত্তৰাজ্য অবিহনে অন্য কোনো বিকল্প নাই বুলি কয় তিমুঙে ৷
শাসনাধীষ্ট চৰকাৰখনে দুয়োখন পাহাৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া দাবী মানিলৈ চৰকাৰে স্বায়ত্তৰাজ্য দিব আশাবাদী কাধাছকম ৷ সংসদৰ প্ৰতিটে অধিৱেশনতে কাধাছকমে দিল্লীত স্বায়ত্তৰাজ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু স্বায়ত্তৰাজ্য হাছিল নকৰালৈ গণতান্ত্ৰিক প্ৰতিবাদ কৰি যাব বুলি কয় অজিত তিমুঙে ৷












