
গুজৰাটৰ বদোদৰা দলং ভাঙি (Gujarat Bridge Collapse) মৃত্যু হোৱা লোকৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি পাইছে। এতিয়াও কেইবাজনো লোক সন্ধানহীন হৈ আছে বুলি বদোদৰাৰ আৰক্ষী অধীক্ষক ৰোহন আনন্দে জানিবলৈ দিয়ে। ফলত মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

এই সন্দৰ্ভত প্ৰতিবেদন পৰ্যালোচনা কৰাৰ পিছত বৃহস্পতিবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে চাৰিজন চৰকাৰী অভিযন্তাক নিলম্বন কৰে। লগতে ৰাজ্যৰ অন্যান্য দলংসমূহ পৰিদৰ্শন কৰাৰ নিৰ্দেশ দিয়ে, যাতে ভৱিষ্যতে এনে দুৰ্যোগৰ পৰা হাত সাৰিব পৰা যায়।
বদোদৰাৰ মহিসাগৰ নদীৰ ওপৰত থকা গম্ভীৰা দলঙৰ এটা অংশ বুধবাৰে পুৱা হঠাতে ভাঙি পৰে। সেই সময়তদলঙৰ ওপৰত থকা কেইবাখনো বাহন নদীত বাগৰি পৰে। এই দলংখনে গুজৰাটৰ আনন্দ আৰু বদোদৰা জিলাক সংযোগ কৰিছিল। ফলত যাতায়াতৰ ক্ষেত্ৰত এই দলংখন গুৰুত্বপূৰ্ণ। বহু যান-বাহনে প্ৰতিদিনে নদীখন পাৰ হ’বলৈ এই দলংখন ব্যৱহাৰ কৰে।
এতিয়ালৈকে দলংখন ভাঙি ১৬ জন লোকৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, নদীখনৰ পৰা ১৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। তিনিৰ পৰা চাৰিজন লোক এতিয়াও সন্ধানহীন হৈ আছে। তেওঁলোকৰ সন্ধানত অভিযান অব্যাহত আছে।
উল্লেখ্য যে ২০২২ চনত গুজৰাটৰ মাৰ্ভিত এখন দলং ভাঙি ১৪১ জন লোকৰ মৃত্যু হয়। মাৰ্ভি কাণ্ডৰ তিনি বছৰৰ ভিতৰতে বদোদৰাত আন এক দলং দুৰ্যোগে নিঃসন্দেহে গুজৰাট চৰকাৰৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰিছে। অভিযোগ অনুসৰি, বদোদৰাৰ এই ৪০ বছৰীয়া দলংখনৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত গাফিলতি হোৱা বুলি অভিযোগ উত্থাপন হৈছে। এই দলংখনত প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হৈছিল। যাতায়াত ক্ৰমান্বয়ে বিপদজ্জক হৈ পৰিছিল।
কিন্তু এই সমস্যাৰ বিষয়ে প্ৰশাসনক কেইবাবাৰো অৱগত কৰাৰ পিছতো একো ফল নহ’ল। দুৰ্ঘটনাটোৰ পিছত গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে এই দলংখনৰ ৰক্ষণাবেক্ষণ, স্বাস্থ্য পৰীক্ষা আৰু সংস্কাৰৰ বিস্তৃত প্ৰতিবেদন চাব বিচাৰিছিল। বৃহস্পতিবাৰে তেওঁ উক্ত প্ৰতিবেদন পৰীক্ষা কৰি চাৰিজন অভিযন্তাক নিলম্বন কৰে।
গুজৰাটৰ গড়কাপ্তানী আৰু গৃহ নিৰ্মাণ বিভাগ মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণত। নিলম্বিত চাৰিজন লোক হৈছে বিভাগটোৰ কাৰ্যবাহী অভিযন্তা এন এম নায়কাৱালা, উপ-কাৰ্যবাহী অভিযন্তা ইউ চি পেটেল আৰু আৰ টি পেটেল আৰু সহকাৰী অভিযন্তা জে ভি শ্বাহ। তেওঁলোকৰ বিৰুদ্ধে নিজ নিজ কৰ্তব্য সঠিকভাৱে পালন নকৰাৰ অভিযোগ।










